সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

নিৰ্বাচন ২০২১ : নলবাৰীত জয়ন্ত মল্লৰ অংকত আউল লগাব নেকি আঙুৰলতাই

ড: হিমন্ত বিশ্ব শৰ্মাৰ লগত বিজেপিলৈ অহা প্ৰতিগৰাকী কংগ্ৰেছীয়ে এতিয়া সু- প্ৰতিষ্ঠিত ৷ পীয়ূষ হাজৰিকাৰ পৰা আৰম্ভ কৰি ‘দাদা ব্ৰিগেদ’ৰ আটাইতকৈ কণিষ্ঠতম সদস্য তৰংগ গগৈলৈ সকলোৱে উপযুক্ত মৰ্যদাৰে বিজেপিত প্ৰতিষ্ঠা লাভ কৰিছে ৷ একমাত্ৰ জয়ন্ত মল্ল বৰুৱাক বাদ দি ৷বিজেপিত জয়ন্ত মল্ল বৰুৱাৰ আত্মপ্ৰতিষ্ঠাৰ যুঁজখন এতিয়াও অব্যাহত আছে ৷ বিগত ২০১৬ চনৰ নিৰ্বাচনত কোনো এটা বিধানসভা সমষ্টিৰ পৰাই বাকপটু নেতাগৰাকীয়ে প্ৰাৰ্থিত্ব লাভ নকৰিলে ৷ প্ৰাৰ্থিত্ব নোপোৱাৰ মূল কাৰণটোৱে হ’ল তেওঁ প্ৰতিনিধিত্ব কৰা সমষ্টিতো ৷ কংগ্ৰেছ দলত থকা সময়ছোৱাত জয়ন্ত মল্ল বৰুৱা আছিল নলবাৰী সমষ্টিৰ বিধায়ক ৷ কিন্তু নলবাৰীত জয়ন্ত মল্লৰ মূল প্ৰতিদ্বন্দী হিচাপে থিয় হ’ল দুগৰাকী প্ৰবীন বিজেপি নেতা ৷ তেওঁলোক দিলীপ শইকীয়া আৰু অশোক শৰ্মা ৷ ক’বলৈ গ’লে অসমত বিজেপিৰ তেনেই চালুকীয়া সময়ৰ পৰাই তেওঁলোক দুজনে জিলাখনত বিজেপিৰ গুৰিবঠা ধৰি আহিছে ৷গতিকে বিজেপিৰ ভাল দিনত তেওঁলোকে কোনো কাৰণতে জয়ন্ত মল্লক নলবাৰীৰ আসনখন এৰি দিবলৈ ৰাজি নহ’ল ৷ অৱশেষত প্ৰাৰ্থিত্ব পালে অশোক শৰ্মাই আৰু তেওঁ নলবাৰীৰ পৰা বিজয়ী হৈ আহিবলৈ সক্ষমো হ’ল ৷

নলবাৰীৰ বিধায়ক অশোক শৰ্মা
তাৰ পাছত মঙলদৈৰ পৰা লোকসভালৈ নিৰ্বাচিত হ’ল দিলীপ শইকীয়া ৷ এই ময়ছোৱাত জয়ন্ত মল্ল বৰুৱাই নিজৰ বাবে এটা সমষ্টি বিচৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিলে ৷ নলবাৰীত প্ৰাৰ্থিত্ব কেন্দ্ৰিক যুঁজখন জটিল হোৱাৰ সম্ভাৱনা দেখি তেওঁ পাটাছাৰকুছি সমষ্টিত ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰিলে ৷ কিন্তু পাটাছাৰকুছি তেওঁৰ বাবে আৰু অধিক জটিল হৈ পৰিল ৷ কিয়নো পাটাছাৰকুছিত বিজেপি দলটো চাৰিটাকৈ ভাগত বিভক্ত ৷মনোজ বৰুৱা , ফণী পাঠক , নগেন চৌধুৰী -সকলোৱে নিজা নিজা অংকৰে তৎপৰতা অব্যাহত ৰাখিছে ৷ তাৰ মাজত সভাপতি ৰঞ্জিত দাসেও পাটাছাৰকুছিৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনাৰ কথা ওলাল ৷ গতিকে পাটাছাৰকুছিতো নিজাৰ ৰাজনৈতিক ভৱিষ্যত অকনো নিৰাপদ নেদেখিলে জয়ন্ত মল্ল বৰুৱাই ৷ গতিকে তেওঁ পুণৰ উভতি আহিল চাবেক সমষ্টি নলবাৰীলৈ ৷ যিহেতু বিধায়ক হিচাপে অশোক শৰ্মাৰ পাৰদৰ্শিতা কোনো লেখত ল’বলগীয়া নহয় ,গতিকে নলবাৰীতে ভালকৈ খোপনি পোতাৰ কথা চিন্তা কৰিছিলহে মাত্ৰ৷ কিন্তু সকলো অংকত পুণৰ খেলিমেলি লগাই দিলে আন এটা খবৰে ৷ খবৰ ওলাইছে যে সমাগত নিৰ্বাচনত বিজেপিৰ কেবাগৰাকীও বিধায়কৰ প্ৰাৰ্থিত্ব কৰ্তন হোৱাৰ উপৰিও আন কেবাজনৰ সমষ্টি সলনি হ’ব ৷ সমষ্টি সলনি হ’বলগীয়া বিধায়কৰ তালিকাত আছে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাৰ নামো ৷
আঙুৰলতা ডেকা
আঙুৰলতা ডেকাৰ নিজৰ মাকৰ ঘৰ হ’ল নলবাৰী চহৰত ৷ গতিকে সমষ্টি সলনি হ’লে তেওঁ নলবাৰীকে বিকল্প সমষ্টি হিচাপে বাচি লোৱাৰ সম্ভাৱনা অধিক ৷ এই বিষয়ে আঙুৰলতা ডেকাই ইতিমধ্যে শীৰ্ষ নেতৃত্বক অৱগত কৰিছে আৰু তেওঁ সেউজ সংকেত লাভ কৰাৰ খবৰো ওলাইছে ৷ নলবাৰীত হঠাৎ আঙুৰলতা ডেকাৰ প্ৰৱেশৰ খবৰে এতিয়া গভীৰ দু:শ্চিন্তাত পেলাইছে জয়ন্ত মল্লৰ শিৱিৰক ৷ এইবাৰ যদি কেনেবাকৈ দ্বিতীয়বাৰৰ বাবে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হ’বলগীয়া হয় ,তেনেহ’লে জয়ন্ত মল্লৰ ৰাজনৈতিক কেৰিয়াৰ অনিশ্চয়তাৰ মাজত সোমাই পৰিব ৷ জানিব পৰা মতে , জয়ন্ত মল্ল বৰুৱাই এতিয়াও ড: হিমন্ত বিশ্ব শৰ্মাৰ পৰা কোনো সংকেত পোৱা নাই যে তেওঁ আচলতে কোনটো সমষ্টিত মনোনিৱেশ কৰা উচিত ৷ যাৰ বাবে জয়ন্ত মল্লৰ লগতে তেওঁৰ সহযোগীসকলো দোধোৰ মোধোৰ অৱস্থাৰ মাজত সোমাই পৰিছে ৷ নলবাৰীৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক ত্ৰিকোণ সংঘাতত কোন শেষ হাঁহি মাৰে সেয়া জানিবলৈ আৰু কিছুদিন ৰ’ব লাগিব ৷ কিন্তু ড: হিমন্ত বিশ্ব শৰ্মাৰ ঘণিষ্ঠ নেতাগৰাকীৰ আত্মপ্ৰতিষ্ঠাৰ যুঁজখনো আন এক চৰ্চিত বিষয় হৈ পৰিছে৷

Leave A Reply

Your email address will not be published.