নিযুক্তি কেলেংকাৰীত জড়িত বিজেপিৰ সাংসদ ?

Share This Article

শিক্ষক নিযুক্তি কেলেংকাৰীত জড়িত থকাৰ অপৰাধত ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা প্ৰাক্তন শিক্ষামন্ত্ৰী পাৰ্থ চেট্টাৰ্জীয়ে খুলিছে মুখ।দুৰ্নীতিৰ বিৰুদ্ধে সততেই সৰৱ বিজেপিৰ তিনিগৰাকী মুধাফুটা নেতাৰ নাম আখৈ ফুটাদি ফুটিল প্ৰাক্তন শিক্ষামন্ত্ৰী পাৰ্থ চেট্টাৰ্জীৰ মুখত।বিজেপি নেতাই নিযুক্তিৰ তালিকা পঠিওৱাৰ কথা বৃহস্পতিবাৰে উল্লেখ কৰে প্ৰাক্তন শিক্ষামন্ত্ৰী গৰাকীয়ে।তেওঁ লগতে এই কথাও জনাই যে তেওঁ কোনো কাৰণতে এনে অন্যায়ৰ লগত জড়িত নহয় বুলি স্পষ্ট কৰি দিছিল ।পাৰ্থ চেট্টাৰ্জীয়ে কয় ‘ সুজান চক্ৰৱৰ্তী,দিলীপ বাবু ,শুভেন্দুবাবু আদিয়ে এতিয়া ডাঙৰ ডাঙৰ মন্তব্য কৰে।তেওঁলোকে নিজেই নিজক প্ৰশ্ন কৰক,তেওঁলোকে উত্তৰ বেংগলত কি কৰিছিল?কেগৰ ২০০৯- ২০১০ চনৰ ৰিপৰ্টটো চাওক।বিজেপিৰ সাংসদ তথা বিজেপিৰ কেন্দ্ৰীয় উপসভাপতি দিলীপ ঘোষো এই কেলেংকাৰীৰ লগত জড়িত বুলি উল্লেখ কৰে।অৱশ্যে পাৰ্থ চেট্টাৰ্জীৰ এই অভিযোগৰ প্ৰত্যুত্তৰত দিলীপ ঘোষে কয় ‘ জে’ললৈ গৈ মূৰৰ বিকৃতি ঘটিছে পাৰ্থ চেট্টাৰ্জীৰ।আপুনি যিটো সময়ৰ কথা উল্লেখ কৰিছে,সেই সময়ত মই ৰাজনীতিত নাছিলোঁৱেই।যদি সঁচাকৈয়ে দোষী প্ৰমাণিত হওঁ,মই জে’ললৈ যাম৷তেওঁ কিন্তু ইতিমধ্যে তেওঁৰ গাৰ্লফ্ৰেণ্ডৰ সৈতে জে’ললৈ গৈছে।প্ৰতিজন লোকেই তেওঁৰ ঘৰত উদ্ধাৰ হোৱা পাহাৰ সদৃশ ধন দেখিছে।’আনহাতে,CPM ৰ সাংসদ সুজান চক্ৰৱৰ্তীয়ে কয় ‘ মূৰৰ বিকৃতি ঘটিলে মানুহে যিটি বকা আৰম্ভ কৰে৷তেওঁৰ চাৰ্কিট বেয়া হৈছে ৷২০০৯-১০ চনত পাৰ্থ ক’ত আছিল?তেওঁ তেতিয়া চৰকাৰৰ অংশীদাৰেই নাছিল।তেওঁ আছিল বিৰোধীৰ আসনত৷অনুব্ৰতৰ লগত সমগ্ৰ দল ঠিয় দিছে।কিন্তু পাৰ্থ নিঃসঙ্গ৷দিলীপ আৰু শুভেন্দুৰ কথা মই নাজানো।শুভেন্দু তেতিয়া তৃণমূলত আছিল৷বাওঁ চৰকাৰৰ দিনত যদি এনেকুৱা কেলেংকাৰী হৈছিল ,প্ৰমাণ দিয়ক!’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.