নিজৰ কথাত নিজেই বান্ধ খালে ECI

Share This Article

দ্যা ৱায়াৰ নামৰ সংবাদ প্ৰতিষ্ঠানে নিৰ্বাচন আয়োগৰ উদ্ধৃতিৰে শেহতীয়াকৈ এক বাতৰি প্ৰকাশ কৰিছিল।বাতৰিটোত ২০১৯ চনৰ নিৰ্বাচনত ব্যৱহৃত ৬ লাখ ৫০ হাজাৰ VVPAT ত্ৰুটিপূৰ্ণ বুলি উল্লেখ কৰিছিল ৷বিগত ১৮ এপ্ৰিলত ৱায়াৰত প্ৰকাশিত বাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিৰ্বাচন আয়োগে শুকুৰবাৰে পুনৰ স্পষ্ট কৰে যে প্ৰকৃতাৰ্থত ৬ লাখ ৫০ হাজাৰ নহয়,৩ লাখ ৪০ হাজাৰ VVPAT ৰ বাবে সুৰক্ষামূলক ব্যৱস্থা কৰা হৈছে আৰু সেইবাবে এই মেছিনবোৰ নিৰ্মাতা সংস্থালৈ পঠিওৱা হৈছে ! VVPAT মেছিনবোৰ M3 জেনেৰেশ্যনৰ অত্যাধুনিক প্ৰযুক্তিসম্পন্ন মেছিন আৰু ই দেশত প্ৰথমবাৰৰ বাবে ২০১৮ চনত ব্যৱহাৰ হৈছিল।২০১৯ চনৰ লোকসভা আৰু সেই বছৰতে অনুষ্ঠিত কেইবাখনো ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত মুঠ ১৭ লাখ ৪০ হাজাৰ VVPAT ব্যৱহাৰ হৈছিল৷অৰ্থাৎ সেই সময়ত ব্যবহৃত এক তৃতীয়াংশ অৰ্থাৎ ৩৭% মেছিনেই আছিল আসোঁৱাহযুক্ত।সকলোতকৈ আশ্চৰ্যজনক বিষয়টো হ’ল এই মেছিনবোৰৰ সম্পূৰ্ণ একো একোটা ছিৰিজেই আছিল আসোঁৱাহযুক্ত।EVTEA 0001 ৰ পৰা আৰম্ভ কৰি EVTEA 99999 লৈকে সকলো মেছিন আসোঁৱাহযুক্ত বুলি হায়দৰাবাদস্থিত নিৰ্মাণ কোম্পানীলৈ ঘূৰাই পঠিওৱা হৈছে। তদুপৰি EVTEB, EVTEC,EVTED ছিৰিজৰ সকলো মেছিন ঘূৰাই পঠিওৱা হৈছে বুলি নিৰ্বাচন আয়োগে ১৮ এপ্ৰিলত প্ৰকাশ কৰিছিল।কিন্তু আশ্চৰ্যজনক কথাটো হ’ল যে যদি মেছিনবোৰ আসোঁৱাহযুক্ত নাছিল তেন্তে কিয় বিগত ১৮ এপ্ৰিলত দ্যা ৱায়াৰে নিৰ্বাচন আয়োগৰ উদ্ধৃতিৰে এই বাতৰি প্ৰকাশ কৰিছিল?

নিৰ্বাচনী বিশ্লেষকৰ মতে ভোটগ্ৰহণত ব্যৱহৃত এক বৃহৎ সংখ্যক মেছিন তাকো আকৌ একো একোটা ছিৰিজৰ সমগ্ৰ মেছিনেই আসোঁৱাহযুক্ত হোৱাটো এক অশুভ ইংগিত।প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত এছ ওৱাই খুৰেছীয়েই আসোঁৱাহযুক্ত VVPAT ৰ ব্যৱহাৰ সাধাৰণ কথা নহয় বুলি মন্তব্য কৰে। দিল্লী আইআইটিৰ প্ৰফেছৰ শুভাশীষ বেনাৰ্জীয়েও এই মেছিনবোৰৰ EVM ৰ লগত সাদৃশ্য আছিল নে বুলি প্ৰশ্ন উত্থাপন কৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.