নামঘৰৰ প্ৰতিষ্ঠাতা আছিল মুছলমান,মচি পেলালে নাম

Share This Article

১৯ নং অসম আৰক্ষী বেটেলিয়নৰ নামঘৰৰ পৰা প্ৰতিষ্ঠাপক মুছলেহুদ্দিন আহমেদৰ নাম আঁতৰাই দিয়াক লৈ চিলাপথাৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰে সত্ৰাধিকাৰ মুনিন্দ্ৰ নাৰায়ণ গোস্বামীয়ে।মুছলেহুদ্দিন আহমেদ এগৰাকী ব্যতিক্ৰমী আৰক্ষী বিষয়া, যিগৰাকী আৰক্ষী বিষয়াৰ কৰ্মই বিভিন্ন সময়ত সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে ।এইগৰাকী লিকাবালিত অৱস্থিত ২২ নং অসম আৰক্ষী বেটেলিয়নৰ অধিনায়ক মুছলেহুদ্দিন আহমেদ জন্মসূত্ৰে ইছলামধৰ্মী যদিও এইগৰাকী বিষয়াই ধৰ্মীয় সমন্বয়ৰ মাধ্যম হিচাপে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে কাম কৰি আহিছে ।তেওঁৰ একক প্ৰচেষ্টাত লিকাবালিত প্ৰতিষ্ঠা কৰা হৈছে এক সুন্দৰ আৰু বৃহৎ নামঘৰ । ইয়াৰ পূৰ্বেও তেওঁ ডিব্ৰুগড় জিলাৰ টেঙাখাটত থকা অসম আৰক্ষীৰ ১৯ নং বেটেলিয়নৰ অধিনায়ক হৈ থকা কালত সেই স্থানতো ২০১৬ চনতেই তেওঁৰ একক প্ৰচেষ্টাৰে নিৰ্মান কৰিছিল অনুৰূপ এক নামঘৰ। সেই নামঘৰটো উদ্বোধন কৰিছিল তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । নামঘৰটোৰ বাটচ’ৰা আৰু সন্মুখ ভাগত প্ৰতিষ্ঠাপক হিচাপে খোদিত কৰা হৈছিল তেওঁৰ নাম । কিন্তু বেটেলিয়নটোৰ বৰ্তমানৰ অধিনায়ক গৰাকীয়ে সকলো স্থানৰ পৰা তেওঁৰ নামটো মচি পেলোৱা কাৰ্যই তেওঁৰ অনুগামী সকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।কোনো কাৰণ নোহোৱাকৈ অথবা তেওঁৰ জ্যেষ্ঠ বিষয়াগৰাকীক একো নজনোৱাকৈ সম্পূৰ্ণ ময়মতালিৰে নাম আঁতৰাই দিয়া কাৰ্যক সহজভাৱে ল’ব পৰা নাই সচেতন ৰাইজে ।সেই সন্দৰ্ভত আজি চিলাপথাৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শ্ৰী শ্ৰী বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনিন্দ্ৰ নাৰায়ণ গোস্বামীয়ে ।তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে এগৰাকী ইছলামধৰ্মী লোক হৈও তেওঁ নামঘৰ প্ৰতিষ্ঠা কৰি মহাপুৰুষজনাৰ ধৰ্মৰ দ্বাৰা সমন্বয় সাধন কৰাত ব্ৰতী হৈছে । আমি তেওঁক উৎসাহ আৰু ধন্যবাদহে দিব লাগে । কিন্তু তেওঁক এইদৰে অপমান কৰি তেওঁৰ নাম মচি দিয়াতো উচিত হোৱা নাই । ১৯ নং বেটেলিয়নৰ অধিনায়ক গৰাকীক এনে কামৰ পৰা বিৰত থাকিবলৈ তেওঁ আহ্বান জনায়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.