নাগৰিকত্বৰ যুঁজত হাৰ মানি কিয় আত্মহত্যা কৰিলে মাণিক দাসে ?

Share This Article

নাগৰিকত্বৰ যুঁজত হাৰ মানি আত্মহত্যা কৰিলে অসমৰ এজন ৬০ বছৰীয়া লোকে ৷ নিজৰ আৰু জীয়ৰীৰ নাগৰিকত্ব প্ৰমান কৰিব নোৱাৰি এই লোকজনে আত্মহত্যা কৰিবলগীয়া হোৱাৰ বাতৰিয়ে এতিয়া ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰিছে ৷ দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰি অনুসৰি , অসমৰ মৰিগাঁও জিলাৰ এজন লোকে এই কঠিন সিদ্ধান্ত লয় ৷ তেওৰ নাম মাণিক দাস ৷ বয়স ৬০ ৷ ঘৰ মৰিগাঁৱৰ বৰখাল গাৱত ৷ বৃত্তিত এজন মাছ বেপাৰী ৷ পত্নী , দুজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তানৰে মাণিক দাসৰ ভৰপূৰ সংসাৰ চলি আছিল ৷ কিন্তু হঠাৎ বিদেশী ন্যায়াধিকৰণৰ পৰা ২০১৯ চনত এখন নটিচ আছে মাণিক দাসৰ ঘৰলৈ ৷ য’ত তেওক নিজৰ ভাৰতীয় নাগৰিকত্ব প্ৰমান কৰিবলৈ কোৱা হয় ৷ মাণিক দাসৰ পৰিয়ালৰ সকলো লোকৰে নাম এন আৰ চিত অন্তৰ্ভুক্ত হৈছিল ৷ কিন্তু তাৰ পাছতো তেওক নাগৰিকত্বৰ প্ৰমান ন্যায়াধিকৰণত দিবলৈ কোৱা হ’ল ৷ এই কথা সদৰী কৰি মাণিক দাসৰ পুত্ৰ কাৰ্তিক দাসে কয় যে তেওৰ পিতৃ সকলো শুনানিত উপস্থিত আছিল ৷ কিন্তু আইনী যুঁজৰ বাবে প্ৰয়োজন হোৱা টকা পইচা তেও যোগাৰ কৰিব নোৱাৰা হৈ আহিছিল ৷ যাৰ বাবে হতাশো হৈ পৰিছিল ৷ জাগীৰোডত শুকান মাছ বেছি মাণিক দাসে তেওৰ পৰিয়ালেই চলাব নে নাগৰিকত্বৰে প্ৰমান দিব ৷ এনে এক অৱস্থাত হতাশগ্ৰস্থ হৈ অৱশেষত তেও আত্মহত্যাৰ সিদ্ধান্ত লয় ৷ দ্য ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত বাতৰি অনুসৰি মাণিক দাস যোৱা দেওবাৰৰ পৰাই নিখোজ হৈ আছিল ৷ মঙলবাৰে তেওৰ মৃতদেহ উদ্ধাৰ হয় ঘৰৰ সমীপতে ৷ পৰিয়ালে জনোৱা মতে নাগৰিকত্ব প্ৰমানৰ আইনী প্ৰক্ৰিয়াত ১ লাখতকৈও অধিক ধন ব্যয় হোৱাত তেও মানসিকভাৱে ভাগি পৰিছিল ৷ যাৰ বাবে আত্মহত্যাৰ পথ বাচি লয় ৷ ইফালে আৰক্ষীৰ মতে পাৰিবাৰিক কাৰণতহে মাণিক দাসে আত্মহত্যা কৰিছে ৷ এই ঘটনাই এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপক চৰ্চা লাভ কৰিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.