নলগা জেঙত লগাৰ ফল পালে বিজেপিয়ে

উচ্চতম ন্যায়ালয়ে সোমবাৰে খাৰিজ কৰে বিজেপি নেতাৰ আৱেদন।বিজেপি নেতা অশ্বিনী কুমাৰ উপাধ্যায়ে দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰাচীন স্থান সমূহৰ ইতিহাস অধ্যয়ন কৰি পুনৰ নতুন নামাকৰণ কৰাৰ প্ৰস্তাৱেৰে ন্যায়ালয়ত জনাইছিল আৱেদন।আৱেদনখনৰ জৰিয়তে ‘আক্ৰমণকাৰী’ৰ নামত থকা স্থানসমূহৰ নাম সলোৱাৰ দাবী তুলিছিল উপাধ্যায়ে। নতুন নামাকৰণ আয়োগ গঠন কৰি তাৰ জৰিয়তে অত্যাচাৰী বিদেশী আক্ৰমণকাৰীৰ নামেৰে থকা ঠাই বোৰ প্ৰাচীন ঐতিহাসিক সংস্কৃতি আৰু ধৰ্মৰ লগত জড়িত থকা নামহে দিয়া উচিত বুলি উল্লেখ কৰিছিল আৱেদনখনত।সোমবাৰে ন্যায়াধীশ কে এম যোচেফ আৰু বি ভি নাগৰত্নৰ বিচাৰপীঠে অধিবক্তা অশ্বিনী কুমাৰ উপাধ্যায়ক এই জনস্বাৰ্থজড়িত আৱেদন দাখিলৰ অন্তৰালত কি লক্ষ্য বা উদ্দেশ্য লুকাই আছে সেই বিষয়ে প্ৰশ্ন কৰে।বিচাৰপীঠৰ মতে এই জনস্বাৰ্থজড়িত আৱেদন খনে ‘ সমগ্ৰ দেশত এক উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰিব।’উচ্চতম ন্যায়ালয়ে এই বিষয়টো সম্পৰ্কত মন্তব্য ৰাখে এনেদৰে’ হিন্দুত্ব এক ধৰ্ম নহয়,এয়া হ’ল জীৱন যাপনৰ এক পথ।তেনেবোৰ অতীতৰ ঘটনাক নুখুঁচৰিব যিবোৰে দেশত শান্তি সম্প্ৰীতি বিঘ্নিত কৰে।দেশখনক এনেকৈ জ্বলিবলৈ দিব নোৱাৰি।’অধিবক্তা উপাধ্যায়ে ‘ পুনৰ নামাকৰণ আয়োগ’ এখন গঠন কৰি তাৰ জৰিয়তে ‘ প্ৰাচীন’ নাম সমূহ বিচাৰি আক্ৰমণকাৰীৰ নামত থকা স্থানবোৰ সলোৱাৰ বাবে ন্যায়ালয়ত আৱেদন জনাইছিল।উল্লেখ্য যে ৰাষ্ট্ৰপতি ভৱনৰ মোগল গাৰ্ডেনৰ নাম অলপতে সলনি কৰি অমৃত গাৰ্ডেন ৰখা হয়।কিন্তু চৰকাৰে আক্ৰমণকাৰীৰ নামত থকা পথ সমূহৰ নাম সলনি কৰাৰ বিষয়ত কোনো সিদ্ধান্ত লোৱা নাই বুলি উল্লেখ কৰে অধিবক্তাগৰাকীয়ে।আক্ৰমণকাৰীৰ নামত পথ-স্থানবোৰ থাকিলে দেশৰ সাৰ্বভৌমত্বত আঘাত হানিব বুলিও উল্লেখ কৰিছিল অধিবক্তা উপাধ্যায়ে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296