নতুন ৰণনীতি বিজেপিৰ,কি এই ৰণনীতি?

Share This Article

চাৰি ৰাজ্যৰ বিধানসভা আৰু লোকসভা নিৰ্বাচনকলৈ বিজেপিৰ নতুন অংক।ৰাজস্থান,দিল্লী,বিহাৰ আৰু ওডিছাৰ ৰাজ্যিক বিজেপিৰ সভাপতি সলনি কৰিছে দলটোৱে।ৰাজস্থানত সতীশ পুনীয়াৰ পৰিবৰ্তে চি পি যোশীক সভাপতিৰ পদত অধিষ্ঠিত কৰিছে বিজেপিয়ে।আনহাতে বিহাৰত বিধায়ক সম্ৰাট চৌধুৰীক বিহাৰ বিজেপিৰ দায়িত্ব দিয়াৰ বিপৰীতে বীৰেন্দ্ৰ চছদেৱক দিল্লী বিজেপিৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰে ৷প্ৰাক্তন মন্ত্ৰী মনমোহন চামালক ওডিছা বিজেপিৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰে বিজেপিয়ে।উল্লেখ্য যে ৰাজস্থান,মধ্যপ্ৰদেশ,ছত্তীশগড়,তেলেংগানাত চলিত বৰ্ষতেই বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।তিনিখন ৰাজ্য ঘাইকৈ মধ্য প্ৰদেশ,কৰ্ণাটক আৰু ৰাজস্থানৰ ভিতৰত ৰাজস্থানত কেৱল নাই বিজেপি চৰকাৰ ।কেৱল বিধানসভাৰ নিৰ্বাচনেই নহয়,লোকসভাৰ নিৰ্বাচনকো লক্ষ্য হিচাপে লৈ বিজেপিয়ে সাংগঠনিক দিশত শক্তিশালী কৰিব খুজিছে দলটোক।তদুপৰি ৰাজস্থানত ক্ষমতা দখল কৰাটো বিজেপিৰ অন্যতম লক্ষ্য৷বিজেপিয়ে ৰাজস্থানৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী অশোক গেহলট আৰু শচীন পাইলটৰ মাজৰ ক্ষমতাক লৈ চলি থকা অৰিয়াঅৰিক কংগ্ৰেছৰ আটাইতকৈ দুৰ্বল দিশ বুলি বিবেচনা কৰিয়েই দলটোৰ সাংগঠনিক দিশটো সবল কৰাত ব্যস্ত হৈ পৰিছে।ৰাজস্থান বিধানসভা নিৰ্বাচন সমাগত আৰু আনহাতে ৰাজস্থানত বৰ্তমান শাসনত আছে কংগ্ৰেছ দল ।কংগ্ৰেছ দলৰ অশোক গেহলট ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদত আছে যদিও মুখ্যমন্ত্ৰী পদটোক লৈ খামখেয়ালিৰ অন্ত নাই।শচীন পাইলট উপমুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত হৈছিল যদিও তেওঁ পিছত পদত্যাগ কৰে৷ৰাজস্থানৰ প্ৰায় ৪০ টা সমষ্টিত আছে গুজ্জৰ সম্প্ৰদায়ৰ প্ৰভুত্ব আছে।শেহতীয়াকৈ গুজ্জৰ সম্প্ৰদায়ে আনকি ৰাহুল গান্ধীক তেওঁলোকৰ বসতিপূৰ্ণ অঞ্চলত প্ৰৱেশ নিষিদ্ধ কৰাৰো হুংকাৰ দিছিল।ইয়াৰে সুবিধা লৈ ৰাজস্থানত ক্ষমতা দখলৰ কৌশল ৰচনা কৰিছে বিজেপিয়ে৷ইতিমধ্যে দলটোৱে আৰম্ভ কৰিছে বৃহৎ বৃহৎ জনসভা আৰু যাত্ৰাৰ। তাৰ মাজতেই নতুন সভাপতিৰ নিযুক্তি দিয়াটোও তেওঁলোকৰ নিৰ্বাচনী ৰণনীতিৰে এক অংগ হিচাপে বিবেচনা কৰিছে ৰাজনৈতিক বিশ্লেষকমহলে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.