Investigative reporting with dedication.

ৰাহুল গান্ধীৰ নতুন বিপদ !২০১৯ চনৰ এটা মানহানি গোচৰত দোষী সাব্যস্ত ৰাহুল গান্ধী।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে।চুৰাট আদালতে দোষী সাব্যস্ত কৰে কংগ্ৰেছ নেতাগৰাকীক। বিজেপি বিধায়ক পূৰ্ণেশ মোডীয়ে তৰিছিল গোচৰ।২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ এক প্ৰচাৰ সভাত অংশ লৈ ৰাহুল গান্ধীয়ে কৈছিল যে ‘সকলো চোৰৰে উপাধি মোডীয়েই হয়।’ৰাহুল গান্ধীৰ অধিবক্তাই যুক্তি দিছিল যিহেতু ৰাহুল গান্ধীয়ে যদি নৰেন্দ্ৰ মোডীক লক্ষ্য কৰি কথাখিনি কৈছিল তেন্তে প্ৰধানমন্ত্ৰীহে ন্যায়ালয়ৰ কাষ চাপিব লাগিছিল কাৰণ ৰাহুল গান্ধীৰ আক্ৰমণৰ লক্ষ্য পূৰ্ণেশ মোডী নাছিল।’




