ধন নাই চৰকাৰৰ,সাংবাদিককো পিন্ধালে ‘টুপী

Share This Article

৩১ মাৰ্চৰ ভিতৰত প্ৰাপ্য ফেল’শ্বিপৰ ধন পাব বুলি আশা কৰিছিল সাংবাদিকসকলে। কিন্ত নাই, ফেল’শ্বিপ লাভ কৰা সাংবাদিকে নাপালে পাবলগীয়া বৃত্তিৰ ধন। সাংবাদিকক মিডিয়া ফেল’শ্বিপ দিয়াৰ নামত অসম চৰকাৰে সংঘটিত কৰিছে এই অদ্ভুত আজৱ কাণ্ড। গৱেষণা পত্ৰ জমা দিয়াৰ পাছতো ফেল’শ্বিপ লাভ কৰা সাংবাদিকে নাপালে প্ৰাপ্য ধনৰাশি। প্ৰথম পৰ্যায়ত মাথোঁ ১৩ হাজাৰ টকাকৈ ফেল’শ্বিপ লাভ কৰা সাংবাদিক সকলক দিয়া হৈছিল। পৰৱৰ্তী ধন গৱেষণা পত্ৰ জমা দিয়াৰ পাছতহে মোকোলাই দিয়াটো নিয়ম। কিন্ত সেই নিয়ম অনুসৰি সাংবাদিকসকলে যদিও গৱেষণা পত্ৰ জমা দিলে কিন্ত লাভৰ মূৰত একো নহ’ল।কাৰণ গৱেষণা পত্ৰ জমা দিয়াৰ পাছতো ফেল’শ্বিপ লাভ কৰা সাংবাদিক সকলক ৩৭ হাজাৰ টকাকৈ দিবলৈ বাকী থাকিল অসম চৰকাৰ। বাজেটত ধন ধার্য নকৰাকৈয়ে তথ্য আৰু জনসংযোগ বিভাগে ফেল’শ্বিপৰ বাবে সাংবাদিকৰ তালিকা প্ৰস্তুত কৰিছিল। এতিয়া মূৰকত তথ্য আৰু জনসংযোগ বিভাগৰ একাউন্টত ধন নথকা বাবেই ফেল’শ্বিপ লাভ কৰা সাংবাদিকসকলে নাপালে ফেল’শ্বিপৰ সমূদায় ধন। ৩১ মাৰ্চ অৰ্থাৎ বিত্তীয় বৰ্ষত ২০ গৰাকীকৈ ফেল’শ্বিপ লাভ কৰা সাংবাদিকে ফেল’শ্বিপৰ ধন পাব বুলি ভাবিছিল যদিও সেই ধন কোনোৱে লাভ নকৰিলোঁ। কিহৰ বাবে ফেল’শ্বিপৰ ধন মোকোলাই দিয়া হোৱা নাই, সেই প্ৰসংগক কেন্দ্ৰ কৰি অনুসন্ধান কৰোতে ওলাই পৰিল জোলোঙাৰ মেকুৰী। কাৰণ DIPRৰ একাউন্টত ধন নাই।কাৰণ বাজেটত ধন ধার্য নকৰাকৈয়ে সাংবাদিক ফেল’শ্বিপৰ তালিকা ঘোষণা কৰা হৈছিল। মিডিয়া ফেল’শ্বিপ ঘোষণাৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰঙীণ ফটো সম্বলিত বিজ্ঞাপনেৰে বজোৱা হৈছিল ঢাক-ঢোল। ২০২১-২২ বৰ্ষত সাংবাদিকৰ পৰা আবেদন পত্ৰ বিচাৰিছিল তথ্য আৰু জনসংযোগ বিভাগে। সেই আবেদনক ভিত্তি কৰিয়েই প্ৰস্তুত কৰি উলিয়াইছিল ফেল’শ্বিপ লাভ কৰা সাংবাদিকৰ তালিকা। নিয়ম অনুসৰি গৱেষণাৰ প্ৰাৰম্ভিক কাম-কাজৰ বাবে ২০ হাজাৰকৈ টকা দিব লাগিছিল যদিও সাংবাদিকসকলক প্ৰদান কৰা হ’ল মাথোঁ ১৩ হাজাৰ টকাহে। ক’ম পৰিমাণৰ ধন পালেও সাংবাদিকসকলে আৰম্ভ কৰিছিল গৱেষণাৰ কাম-কাজ। DIPR বিভাগৰ নিৰ্দেশনা অনুযায়ী ডিচেম্বৰ মাহত গৱেষণা পত্ৰ জমা দিয়ে ফেল’শ্বিপ লাভ কৰা সাংবাদিকসকলে। বিত্তীয় বৰ্ষৰ অন্তিম সময়ত তেওঁলোকক প্ৰাপ্যৰ ধন মোকোলাই দিয়া হ’ব বুলি কয় যদিও ফেল’শ্বিপ লাভ কৰা সাংবাদিক সকলে নাপালে ফেল’শ্বিপৰ ধন। তেনে এক হাহাকাৰ পৰিবেশৰ মাজতে ওলাল জোলোঙাৰ মেকুৰী। কাৰণ  চৰকাৰৰ আৰ্থিক অনাটনৰ বাবে বন্ধ হৈ পৰিল ১০ লাখ টকীয়া মিডিয়া ফেল’শ্বিপ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.