ধন তুলি বিপদত ‘ৰোগী’

Share This Article

সামাজিক মাধ্যমত যিকোনো ৰোগৰ চিকিৎসাৰ বাবে সাহাৰ্য বিচাৰি প্ৰায়ে আৱেদন জনোৱা দেখা যায়।এনে আবেদনে প্ৰকৃতাৰ্থত ৰোগীক বহুক্ষেত্ৰত জীৱন ৰক্ষাও কৰা দেখা যায়।কিন্তু কেতিয়াবা আকৌ কিছুসংখ্যক অসৎ প্ৰবৃত্তিৰ লোকে ৰোগীৰ নামত ধন বিচাৰি সহজতে ধন ঘটাৰ লক্ষ্যও লয়।অৱশ্যে এনে ধৰণৰ ঘটনা কেৱল অসম মুলুকতে সংঘটিত হয় যে তেনে নহয়,আমেৰিকাতো সংঘটিত হয় ।মেডিছন ৰুছ’ নামৰ এগৰাকী ১৯ বছৰীয়া যুৱতীয়ে লিউকেমিয়া আৰু পেংক্ৰিয়েটিক কৰ্কটত আক্ৰান্ত বুলি সাহাৰ্য বিচাৰি আৱেদন জনাইছিল।সেই আৱেদনৰ পিছতে যুৱতীগৰাকীয়ে মুঠ ৪৩৯ জন লোকৰ পৰা সাহাৰ্য লাভ কৰিছিল।তেওঁৰ মুঠ সংগ্ৰহৰ পৰিমাণ আছিল ৩৭,৩০৩ ডলাৰ ।KWQC ৰ সূত্ৰ অনুসৰি“ এলড্ৰিজ পুলিচ ডিপাৰ্টমেণ্টে ১১জানুৱাৰীৰ আবেলি ৬ বজাত ১৯ বছৰীয়া মেডিছন ৰুছ’ৰ এই প্ৰবঞ্চনাৰ বিষয়ে অৱগত হয়।মগজুৰ ভিতৰত ফুটবলৰ আকৃতিৰ এটা টিউমাৰ থকাৰ লগতে লিউকেমিয়াৰ ষ্টেজ 2 ত আক্ৰান্ত বুলি প্ৰচাৰ চলাই সহানুভূতি আদায় কৰিছিল তেওঁ।”Go Fund Me নামৰ সংস্থাটোৱে ABC নিউজক জনোৱা অনুসৰি ‘এনে ফাণ্ডৰ অপব্যৱহাৰ সম্পৰ্কত শূণ্য সহনশীলতা স্থিতি গ্ৰহণ কৰা হ’ব।সংস্থাটোৱে লগতে কয় “ সকলো সাহাৰ্য প্ৰদান কৰা লোককে ইতিমধ্যে তেওঁলোকে দিয়া ধন ঘূৰাই দিয়া হৈছে।আমি ইতিমধ্যে এইগৰাকী যুৱতীক ফাণ্ড ৰাইজাৰৰ তালিকাৰ পৰা বাহিৰ কৰিছোঁ।যুৱতীগৰাকীয়ে ভৱিষ্যতে এই মঞ্চ ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.