দেশৰ শিক্ষাত ভয়ংকৰ কেলেংকাৰী

Share This Article

দেশৰ বিভিন্ন ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ সমান্তৰালভাৱে এইবাৰ শিক্ষাখণ্ডলৈ উঠিছে অভিযোগৰ আঙুলি৷ধন লৈ UGC ৰ গ্ৰেড প্ৰদানৰ অভিযোগ স্বয়ং অধ্যক্ষৰ।মোডীৰ নীতি’না খাওংগা না খানে দুংগা’ শিক্ষাৰ ক্ষেত্ৰতো উঠিল ধোঁৱাচাঙত।’অসৎ উপায়ে’ৰে উচ্চ শিক্ষা প্ৰতিষ্ঠানে গ্ৰেড লাভৰ অভিযোগেৰে পদত্যাগ ভূষণ পাটৱৰ্দ্ধনৰ।NAAC ৰ অধ্যক্ষগৰাকীয়ে বিগত ফেব্ৰুৱাৰী মাহতে UGC এক পত্ৰৰ জৰিয়তে উচ্চ শিক্ষানুষ্ঠানৰ গ্ৰেড প্ৰদানৰ ক্ষেত্ৰত কিছু বিসংগতি,কিছু অবৈধ লেনদেন থকাৰ কথা উল্লেখ কৰিছিল ।ইয়াৰ পিছতেই বিগত দেওবাৰে ‘নেশ্যনেল এছেচমেণ্ট এণ্ড এক্ৰেডিশ্যন কাউঞ্চিল’ৰ অধ্যক্ষ গৰাকীয়ে পদত্যাগ কৰে।তেওঁৰ মতে কিছুসংখ্যক উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানে ‘অসৎ উপায়েৰে’ গ্ৰেড লাভ কৰিছে।ইয়াৰ পিছতেই বিশ্ববিদ্যালয় অনুদান আয়োগ চমুকৈ UGC এ এগাৰাকী নতুন অধ্যক্ষ নিযুক্তি দিয়ে৷বিগত ৩ মাৰ্চত পটৱৰ্দ্ধনে আয়োগলৈ পুনৰ এক পত্ৰ প্ৰেৰণ কৰি উল্লেখ কৰে যে আয়োগে বিগত ২৬ ফেব্ৰুৱাৰীত তেওঁ আয়োগলৈ দিয়া পত্ৰখনক ভুলকৈ বাখ্যা কৰিছে আৰু লগতে তেওঁৰ সেই অভিযোগ পত্ৰখনকে অব্যাহতিৰ পত্ৰ বুলি প্ৰচাৰ চলোৱা বুলিও তেওঁ উল্লেখ কৰে৷পটৱৰ্দ্ধনেক বিগত বৰ্ষৰ ফেব্ৰুৱাৰীত অধ্যক্ষ হিচাপে নিযুক্তি দিছিল আয়োগে।তেওঁ তেওঁৰ শেহতীয়া পত্ৰত লিখিছে যে তেওঁ ভাৰতীয় শিক্ষাব্যৱস্থাৰ উৎকৰ্ষ সাধনৰ স্বাৰ্থত এই পদত্যাগ পত্ৰ দিছে আৰু তেওঁ লগতে উল্লেখ কৰি লিখে ‘ সমগ্ৰ বিষয়টো পুংখানুপুংখভাৱে পৰ্যবেক্ষণ কৰাৰ অন্তত ,মই নাকৰ অধ্যক্ষ পদৰ পৰা অব্যাহতি লোৱাৰ সিন্ধান্ত ল’লো ৷ভাৰতীয় উচ্চ শিক্ষাৰ ক্ষেত্ৰত পৰিবৰ্তনৰ বাবে মই নাকৰ অধ্যক্ষ পদৰ পৰা ৬ মাৰ্চ,২০২৩ ৰ আবেলিৰ পৰা কাৰ্যকৰী হোৱাকৈ পদত্যাগ কৰিলোঁ।’পত্ৰখনত তেওঁ আৰু লিখিছে ‘ মই পুনৰ কওঁ যে মোৰ কোনো ব্যক্তিগত সংঘাত বা স্বাৰ্থ নাই বৰঞ্চ NAAC ৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ পবিত্ৰতাক সন্মান জনাইহে মই এই সিদ্ধান্ত লৈছোঁ।’অৱশ্যে এতিয়ালৈকে পাটৱৰ্দ্ধনেৰ পৰা কোনো মন্তব্য অহা নাই আৰু UGC য়েও এই সম্পৰ্কত কোনো বিজ্ঞপ্তি প্ৰকাশ কৰা নাই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.