‘দেশত অভাৱ ধৈৰ্য -সহ্যৰ’-মুখ্য ন্যায়াধীশ

Share This Article

বৰ্তমান দেশৰ পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ওৱাই চন্দ্ৰচূড়।মুখ্য ন্যায়াধীশ গৰাকীয়ে কয় যে বৰ্তমান সময়ত দেশত ধৈৰ্য আৰু সহ্য শক্তি হ্ৰাস পাইছে।কাৰণ দেশৰ জনতাই নিজে শুদ্ধ বুলি গ্ৰহণ কৰাটোক এৰিব নোখোজে আৰু আনৰ কোনো কথাই গ্ৰহণীয় হ’লেও মানি নলয় ।আমেৰিকান বাৰ এছ’চিয়েছন ইণ্ডিয়া কনফাৰেন্স ২০২৩ চনৰ এক অনুষ্ঠানত অংশ লৈ ন্যায়াধীশ চন্দ্ৰচূড়ে এনেদৰে মন্তব্য কৰে।অনুষ্ঠানটোৰ মুখ্য বিষয় আছিল ‘ গোলকীকৰণৰ দিনত আইন : ভাৰত আৰু পাশ্চাত্যৰ সাদৃশ্য ‘ মুখ্য ন্যায়াধীশ গৰাকীয়ে কেইবাটাও বিষয়ত মন্তব্য ৰাখে।প্ৰযুক্তি,আইন,মহিলা ন্যায়াধীশ আৰু ক’ভিড 19 ৰ সময়ত প্ৰযুক্তি আৰু আইনৰ প্ৰয়োগ সম্পৰ্কত মন্তব্য ৰাখে ন্যায়াধীশগৰাকীয়ে।’ সত্য বৰ্তমান মিছা বাতৰিৰ বলি হৈছে ।সত্য এতিয়া লজ্জিত ।সামাজিক মাধ্যম যিটোৰ বীজ সমাজত সিচঁৰতি হৈ পৰিছে আৰু যাৰ বীজৰ কোনো পৰীক্ষা কৰা হোৱা নাছিল,সিয়েই অসত্যক অগ্ৰাধিকাৰ দি আহিছে।’ন্যায়াধীশ চন্দ্ৰচূড়ে লগতে কয় যে বিশ্বত গোলকীকৰণ আৰম্ভ হোৱাৰ আগতেই ভাৰতীয় সংবিধানখনত গোলকীকৰণৰ স্পষ্ট প্ৰভাৱ পৰিছিল।চন্দ্ৰচূড়ে কয়’ আমাৰ সময়ত ইণ্টাৰনেট নাছিল।আমাৰ দিনত সামাজিক মাধ্যমো নাছিল।’ক’ভিডৰ সময়ত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিচাৰ চলোৱা বিষয়টোক প্ৰশংসা কৰি তেওঁ কয় যে খুব সুন্দৰ ব্যৱস্থাপনাৰে সেই সময়ত বিচাৰ প্ৰক্ৰিয়া সম্পন্ন হৈছিল।নতুন দিল্লীৰ তিলক নগৰৰ উচ্চতম ন্যায়ালয়েই দেশৰ ন্যায় ব্যৱস্থাৰ মূল আৰু ই দেশৰ গাঁৱে ভূঞে থকা লোকসকলকো সমানেই ন্যায় দিয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.