দিল্লী পুলিচৰ ওচৰত দেৱাঙ্গনা কলিতাৰ বিৰুদ্ধে প্ৰৰোচনামূলক মন্তব্য কৰাৰ ভিডিঅ’ নাই: দিল্লী পুলিচে জনালে উচ্চ ন্যায়ালয়ক

Share This Article

নৰ্থ ইষ্ট দিল্লী সাম্প্ৰদায়িক গোচৰত বৰ্তমান ন্যায়িক জিম্মাত থকা দেৱাঙ্গনা কলিতাৰ জামিনৰ বিৰোধিতা কৰি দিল্লী পুলিচে উচ্চ ন্যায়ালয়ক কয় যে তেওঁলোকৰ ওচৰত দেৱাঙ্গনা কলিতাই কোনো ধৰণৰ প্ৰৰোচনামূলক মন্তব্য কৰাৰ ভিডিঅ’ নাই।

এই কথা উচ্চ ন্যায়লয়ক জনাই গোচৰটোৰ ইনৱেষ্টিগেতিঙ অফিচাৰে(IO)। ইয়াৰ পিছতে ন্যায়াধীশ সুৰেশ কুমাৰ কাইতে জামিন আবেদনৰ শুনানি স্থগিত ৰাখি দুয়ো পক্ষক সোমবাৰৰ লৈকে সময় দিয়ে।

উল্লেখযোগ্য যে দিল্লীৰ জৱহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ এম ফিলৰ ছাত্ৰী তথা Pinjra Tod নামৰ সংস্থাটোৰ সদস্যা দেৱাঙ্গনা কলিতাই সংঘৰ্ষৰ পূৰ্বে জাফ্ৰাবাদ মেট্ৰ’ ষ্টেছনৰ সমীপত প্ৰৰোচনামূলক বক্তব্য ৰাখিছিল বুলি দিল্লী আৰক্ষীয়ে অভিযোগ কৰিছে। ‘কা’ বিৰোধী আন্দোলনত দেৱাঙ্গনাই প্ৰৰোচনামূলক মন্তব্য কৰাৰ ভিডিঅ’ ক’ত বুলি আজি দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুৰেশ কাইতে আৰক্ষীক প্ৰশ্ন কৰে যদিও দিল্লী পুলিছে ভিডিও অথবা চি চি টি ভিৰ ফুটেজ দিবলৈ সক্ষম নহয়।

দিল্লী পুলিচৰ হৈ এই গোচৰত ওকালতি কৰিছিল ADDITIONAL SOLICITOR GENERAL এছ ভি ৰাজুয়ে আৰু দেৱাঙ্গনা কলিতাৰ হৈ ন্যায়ালয়ত ওকালতি কৰিছিল বিশিষ্ট অধিবক্তা কপিল চিবালে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.