দিল্লীলৈ উৰা মৰাৰ পুনৰ পৰিকল্পনা কৰিছে নেকি হিমন্ত বিশ্ব শৰ্মাই?

Share This Article

মোদী চৰকাৰৰ মন্ত্ৰীসভাৰ সালসলনিৰ গুণাগঁথা চলি থকা সময়তে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত পুনৰ চর্চা চলিছে অসমৰ ৰাজনীতিক হিমন্ত বিশ্ব শৰ্মাকলৈ।

The Wire নামৰ পৰ্টেলত প্ৰকাশ পোৱা এক বাতৰি অনুসৰি মন্ত্ৰী সভাত স্থান পাব কেইবাখনো নতুন মুখে। ইয়াৰ ভিতৰত কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান দিয়া জ্যোতিৰাদিত্য সিন্ধিয়া আৰু হিমন্ত বিশ্ব শৰ্মাৰ নামে দিল্লীত যথেষ্ট চর্চা লাভ কৰিছে।

পৰ্টেলটোত প্ৰকাশ পোৱা বাতৰি অনুসৰি আৰ এছ এছৰ নেতা ৰাম মাধৱৰ এইবাৰো মন্ত্ৰী সভাত প্ৰৱেশৰ সপোনত চেঁচা পানী পৰাৰ সম্ভাৱনাই অধিক।

অন্যহাতেদি মধ্যপ্ৰদেশৰ কমল নাথৰ চৰকাৰৰ পতন ঘতাই বিজেপিৰ শিৱৰাজ সিং চৌহানক পুনৰ ক্ষমতালৈ অহাৰ বাট মুকলি কৰি দিয়া গুৱালীয়ৰৰ যুৱৰাজ জ্যোতিৰাদিত্য সিন্ধীয়াক পুৰষ্কাৰ হিচাপে মন্ত্ৰী সভাত স্থান দিয়াটো প্ৰায় নিশ্চিত।

প’ৰ্টেলটোৰ মতে হিমন্ত বিশ্ব শৰ্মাক কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ লগতে আৰ এছ এছো একমত।

একাংশৰ মতে, বৰ্তমানৰ মোদী মন্ত্ৰী সভাত দক্ষ মন্ত্ৰীৰ অভাৱ। গতিকে দুই দশক যোৰা মন্ত্রিত্বৰ অভিজ্ঞতাপুষ্ট
হিমন্ত বিশ্ব শৰ্মাক বিজেপিয়ে কেন্দ্ৰত বিচাৰে।

অৱশ্যে সমাগত অসম বিধান সভাৰ নিৰ্বাচন লক্ষ্য ৰাখি শৰ্মাক এতিয়াই কেন্দ্ৰীয় মন্ত্ৰী সভালৈ নিনিয়াটোহে স্বাভাৱিক বুলি ৰাজ্যিক বিজেপিৰ একাংশৰ মত পোষণ কৰিছে।

যদিহে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্তি নহয়, মেঘালয়ৰ তুৰাৰ সাংসদ আগাথা চাংমা অথবা মণিপুৰৰ ৰাজ্য সভাৰ সাংসদ লেইচেম্বা ছানাজাওবাৰ অন্তৰ্ভুক্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

মোদী মন্ত্ৰীসভাৰ বৰ্তমানৰ মন্ত্ৰীৰ সংখ্যা ৫৭ জন। দলীয় সূত্ৰই প্ৰকাশ কৰা মতে যোৱা মে’ মাহতে মোদী মন্ত্ৰী সভাৰ সম্প্ৰসাৰণৰ বাবে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা সহিত আৰ এছ এছ নেতা কৃষ্ণগোপাল, বি এল সন্তোষ আৰু দত্তট্রেয়া হচাব’লেৰ মিটিংত কোন কোন নেতাই মন্ত্ৰীসভাত স্থান পাব সেইয়া চূড়ান্ত হৈছিল। জানিব পৰা মতে অযোধ্যাৰ ৰাম মন্দিৰৰ শিলান্যাস স্থাপনৰ কিছুদিন পাছতে আগষ্টৰ মাজভাগত নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.