দলঙো বনাই আছে,ফাঁটো মেলি আছে !

Share This Article

শিৱসাগৰত লোক নিৰ্মাণ বিভাগৰ কাম কাজত গাফিলতি।উদ্ধোধনৰ পূৰ্বেই বৃহৎ বৃহৎ ফাঁট প্ৰায় ১০ কোটি টকাৰে নিৰ্মীয়মান অৱস্থাত থকা দলঙত।২০১৯ বৰ্ষত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই দলঙৰ আধাৰশিলা স্থাপন কৰিছিল ।শিৱসাগৰ বিধান সভা সমষ্টিৰ কোঁৱৰপুৰৰ হাড়মতি গড় আৰু গৌৰীসাগৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী এখন দলং।২০১৯ বৰ্ষৰ পৰা কাম আৰম্ভ কৰা এই দলংখন উদ্বোধন কৰাৰ কথা আছিল অহা ৫ জুলাইত।কিন্তু উদ্বোধনৰ পূৰ্বে দলংখনৰ বিভিন্ন স্থানত দেখিবলৈ পোৱা গৈছে বৃহৎ বৃহৎ ফাঁট।কোনো কোনো অংশত বখলা বখলে এৰাইছে কংক্ৰিট। লগতে তললৈ বহি গৈছে দলঙৰ এটা অংশ।যাৰ বাবে এতিয়া ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। কিয়নো স্থানীয় ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আছিল দিখৌ নদীৰ ওপৰত হাড়মতি গড় আৰু গৌৰীসাগৰ সংযোগী এখন দলঙৰ। ৰাইজৰ দাবী চৰকাৰে পূৰণ কৰিলে যদিও মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধীনত থকা লোক নিৰ্মান বিভাগে নিৰ্মান কৰা দলং খনৰ কামকাজত ক্ষুন্ন এতিয়া স্থানীয় ৰাইজ।উল্লেখ্য যে PWD SIGNATURE PROJECT ৰ অধীনত ৯ কোটি ৯৯ লাখ ৯৯ হাজাৰ ৯৫৯ টকা ব্যয় সাপেক্ষে এই দলং খনৰ ঠিকা লাভ কৰিছিল SHASS ENGINEERS নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে।ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে দলং নিৰ্মানত অতি নিম্নমানৰ কাম কৰাৰ বাবেই এই বিসংগতি দেখিবলৈ পোৱা বুলি কয় স্থানীয় ৰাইজে।আনহাতে লোকনিৰ্মাণ বিভাগৰ বিষয়া কৰ্মচাৰীয়ে সময়মতে কামকাজৰ তদাৰক নকৰাৰ অভিযোগ কৰে স্থানীয় ৰাইজে।প্ৰশ্ন হয় দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধীনত থকা লোক নিৰ্মান বিভাগত কিদৰে সংঘটিত হ’ল দূৰ্নীতি? অতি নিম্ন মানৰ কাম কৰা ঠিকাদাৰী প্ৰতিষ্ঠান SHASS ENGINEERS ৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ’ব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.