সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

থলুৱা নিবনুৱাৰ সংস্থাপনৰ বাবে আইনী যুঁজত নমা এখন চৰকাৰ-

এখন চৰকাৰ৷চৰকাৰৰ ইচ্ছা,সর্বাধিক থলুৱা লোকেহে চাকৰি পাব লাগিব ৰাজ্যখনৰ নিয়োগ ক্ষেত্ৰ সমূহত৷সকলো উদ্যোগ,কার্যালয়ত নিশ্চিত হব লাগিব থলুৱাৰ নিযুক্তি৷অসমত এপিএছচিৰ পৰা অসমীয়া ভাষাৰ কাকত বাতিল কৰি অসমীয়া নজনা প্ৰার্থীক সুবিধা কৰি দিয়া হল৷কেৱল সিমানেই নহয়,অসমৰ বিভিন্ন নিয়োগ ক্ষেত্ৰত বিভিন্ন সময়ত বহিৰাগত প্ৰার্থীক অগ্ৰাধিকাৰ প্ৰদান কৰি অহাৰো আছে অভিযোগ৷কিন্তু অসমৰ দৰেই এখন ৰাজ্যই থলুৱাৰ নিয়োগ নিশ্চিতিৰ বাবে উচ্চতম ন্যায়ালয়ত যুজ দি লাভ কৰিলে সফলতা৷থলুৱাৰ নিয়োগ নিশ্চিতিৰ বাবেই ৰাজ্যচৰকাৰ খনে উচ্চ ন্যায়ালয়ক প্ৰত্যাহ্বান জনাই যুজ দিলে উচ্চতম ন্যায়ালয়ত৷অৱশেষত বৃহস্পতি বাৰে নির্দেশনা জাৰি কৰিলে উচ্চতম ন্যায়ালয়ে৷নির্দেশনা জাৰি কৰিলে ৰাজ্য চৰকাৰৰ পক্ষত৷
উচ্চ ন্যায়ালয়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হল হাৰিয়ানা চৰকাৰ৷বৃহস্পতিবাৰে এই সন্দর্ভত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰে নির্দেশনা৷উচ্চতম ন্যায়ালয়ে ইয়াৰ সিদ্ধান্তত উচ্চ ন্যায়ালয়ৰ স্তগিতাদেশ বাতিল কৰে৷আনহাতে এই বিষয়টো সন্দর্ভত এমাহৰ ভিতৰত সিদ্ধান্ত লবলৈও পঞ্জাব হাৰিয়ানা উচ্চ ন্যায়ালয়ক নির্দেশনা প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে৷থলুৱাৰ নিয়োগ নিশ্চিতিৰ বাবে এইয়া এখন ৰাজ্য চৰকাৰৰ প্ৰচেষ্টা

- Donation -

Leave A Reply

Your email address will not be published.