ত্ৰাহিমধুসূদন সোঁৱৰিছে পুৰী জগন্নাথ মন্দিৰ কৰ্তৃপক্ষই

Share This Article

ভুৱনেশ্বৰত অৱস্থিত পুৰী জগন্নাথ মন্দিৰ কৰ্তৃপক্ষই ১২শতিকাৰ পৰাই মন্দিৰটোৰ বিৰতিবিহীনভাৱে পূজা অৰ্চনা অব্যাহত ৰাখিছে।কিন্তু শ শ বছৰ প্ৰাচীন এই মন্দিৰটো অতীতৰ পৰাই এন্দুৰ-নিগনিৰ বিচৰণস্থলী হিচাপে বিখ্যাত।মন্দিৰটোত এন্দুৰৰ উপদ্ৰৱ হ্ৰাস কৰাৰ বাবে মন্দিৰটোত এই মেচিনসদৃশ সামগ্ৰীবিধ স্থাপন কৰা হৈছিল।কিন্তু মেচিনটোৰ অতিমাত্ৰা শব্দই মন্দিৰত উপবিষ্ট জগন্নাথ,বলোভদ্ৰ আৰু সুভদ্ৰা শুব নোৱাৰে বুলি ধাৰণা কৰিছে মন্দিৰ কৰ্তৃপক্ষই।মন্দিৰৰ প্ৰশাসক জিতেন্দ্ৰ চাহুৱে কয় ‘ আমি গেজেটটোৰ পৰা আমি কেনেধৰণে লাভান্বিত হ’ম চালো।কিন্তু ইয়াৰ শব্দই আমাৰ দেৱ-দেৱীৰ নিদ্ৰাত ব্যাঘাত জন্মাব।সেয়ে আমি এই মেচিনটো ইয়াত সংস্থাপন নকৰোঁ।’এক বিশেষ সূত্ৰ অনুসৰি মন্দিৰটোত এন্দুৰ,ডালশলিয়াৰ পৰা মুক্ত কৰাৰ বাবে এগৰাকী ভক্তই দুটা মেচিন দিছিল।এন্দুৰ,ডালশলিয়াৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰিবলৈ মন্দিৰ কৰ্তৃপক্ষই এন্দুৰ ধৰা ফাণ্ডৰো ব্যৱহাৰ কৰিছে যদিও ইয়াৰ উপদ্ৰৱৰ পৰা সকাহ পোৱা নাই।মন্দিৰৰ প্ৰশাসক জিতেন্দ্ৰ চাহুৱে কয় ‘আমি সৰু মুখৰ কিছু মাটিৰ পাত্ৰত গুৰ থৈ এন্দুৰৰ উপদ্ৰৱ নিয়ন্ত্ৰণ কৰিব বিচাৰিছোঁ।কিন্তু আমি মন্দিৰৰ ভিতৰত এন্দুৰ-নিগনি হত্যা কৰিব নোৱাৰোঁ।’অস্বাভাৱিক হাৰত এন্দুৰৰ প্ৰকোপ বৃদ্ধি পোৱা মন্দিৰটোত দেৱ-দেৱীলৈ আগবঢ়োৱা প্ৰসাদ,মালা,আন সামগ্ৰীসমূহ কূটি শেষ কৰিছে ৷তদুপৰি মন্দিৰৰ ভিতৰভাগত বিষ্ঠা ত্যাগ কৰিও এক অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে।তথাপিও মন্দিৰটোত থকা জগন্নাথ,বলোভদ্ৰ আৰু সুভদ্ৰা শুব নোৱাৰিব বুলি বিশ্বাস কৰি মন্দিৰ কৰ্তৃপক্ষই এই এন্দুৰ-ডালশলিয়াৰ পৰা সুৰক্ষা দিব পৰা মেচিনটো তাত সংস্থাপন কৰিবলৈ নিদিয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.