তিপ্ৰা বিজেপিৰ B টীম?

Share This Article

ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচনী ফলাফল ওলোৱাৰ পিছতে সুৰ সলনি হৈছে তিপ্ৰা মথাৰ নেতা প্ৰদ্যুত মাণিক্য দেৱবৰ্মনৰ।সোমবাৰে সন্ধিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰীক তিপ্ৰা মথাৰ নেতাগৰাকীয়ে সাক্ষাৎ কৰাৰ কথা।নিৰ্বাচনৰ আগত কোনো পধ্যেই বিজেপিৰ লগত হাত নিমিলোৱাৰ স্থিতি গ্ৰহণ কৰা মাণিক্য দেৱবৰ্মনে নিৰ্বাচনৰ ফলাফলৰ পিছত হঠাতেই সুৰ সলনি কৰাটো পৰিলক্ষিত হৈছে।বিজেপিক আগন্তুক দিনত তিপ্ৰা মথাই সহায় কৰিব নে নকৰে সেই বিষয়ে সোমবাৰৰ বৈঠকৰ পিছতহে স্পষ্ট কৰিব বুলি দলীয় এক সূত্ৰই প্ৰকাশ কৰিছে।উল্লেখযোগ্য যে নিৰ্বাচনৰ আগত ত্ৰিপুৰাৰ স্থানীয় জনজাতীয় লোক সকলৰ বাবে ‘সুকীয়া তিপ্ৰালেণ্ড’ৰ দাবীৰে মাণিক্যই প্ৰচাৰ চলাইছিল ।প্ৰাক নিৰ্বাচনী মিত্ৰতা কৰিব খোজা দলৰ পৰা তেওঁ এই সম্পৰ্কত লিখিত প্ৰতিশ্ৰুতিও বিচাৰিছিল।ত্ৰিপুৰাৰ নিৰ্বাচনত মুঠ ৬০ খন আসনৰ ভিতৰত ৩৩খন আসন লাভ কৰিছিল বিজেপিৰ মিত্ৰজোঁটে।দ্বিতীয় সৰ্ববৃহৎ দলৰ স্থান অধিকাৰ কৰিছিল তিপ্ৰা মথাই ।এই নিৰ্বাচনত মুঠ ১৩খন আসন লাভ কৰিছিল দলটোৱে।বিজেপিয়ে অৱশ্যে কোনো কাৰণতে ত্ৰিপুৰাক বিভাজিত কৰাৰ বিষয়টো সমৰ্থন নকৰে বুলি আগতেই স্পষ্ট কৰিছিল।সোমবাৰৰ সাম্ভাৱ্য বৈঠকৰ আগত অৱশ্যে তিপ্ৰা মঠাৰ ফালৰ পৰা তিপ্ৰালেণ্ডৰ দাবীয়ে বৈঠকত প্ৰধান ভূমিকা ল’ব বুলি স্পষ্ট কৰা হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.