টিউটৰ নহয় শিক্ষকৰ স্বীকৃতি লাগে

Share This Article

শিক্ষকৰ মৰ্যদাৰ দাবীত ওদালগুৰিত বৃহস্পতিবাৰে টিউটৰসকলে ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত কৰে।শিক্ষকৰ মৰ্যদা নাপালে ৰাজপথত নমাৰ হুংকাৰ দিয়ে টিউটৰে৷ প্ৰয়োজনত দিশপুৰ- দিল্লীলৈ যোৱাৰো পণ লয় টিউটৰসকলে।ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত শতাধিক টিউটৰ শিক্ষক শিক্ষয়িত্ৰীয়ে হাতে হাতে প্লেকাৰ্ড লৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।আমাক শিক্ষকৰ মৰ্যদা দিয়ক,আমাৰ প্ৰাপ্য আদায় দিয়ক,টিউটৰ নহয় আমাক লাগে শিক্ষকৰ মৰ্যদা,’নো চলিউচন নো ৰেষ্ট ‘ আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।দিনৰ এঘাৰ বজাৰ পৰা দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰি চৰকাৰক তীব্র সমালোচনা কৰে টিউটৰ সন্থাৰ সভাপতি গৰাকীয়ে।গোটেই জীৱন শিক্ষকতা কৰাৰ পিছত অৱসৰৰ অন্তিম সময়ত সেই সকল শিক্ষকক টিউটৰ হিচাপে বিশেষণ লগাই মৰ্যদা হানি কৰাৰ লগতে প্ৰতাৰণা কৰা বুলি অভিযোগ কৰে। চৰকাৰে প্ৰাপ্য দৰমহা সহ শিক্ষকৰ মৰ্যদা নাপালে ৰাজপথলৈ ওলাই অহাৰ লগতে ন্যায়ালয়ৰ কাষ চপাৰো হুংকাৰ দিয়ে টিউটৰ সন্থাৰ সভাপতি দামোদৰ ডেকাই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.