‘টাইটানিক’ৰ নায়ক অসমলৈ

Share This Article

অসমলৈ আহিব ‘টাইটানিক’ৰ হিৰ’ ।লিঅ’নাৰ্ড ডি কেপ্ৰিঅ’ক মনত আছেনে? ‘টাইটানিকে’ৰে বিশ্ববাসীৰ মন মুহিছিল তেওঁ।গঁড় চাবলৈ আহিব লিঅ’নাৰ্ড।নব্বৈৰ দশকৰ জনপ্ৰিয় অভিনেতা গৰাকী বহুতো যুৱতীৰ বাবে আছিল নয়নৰ মণি৷হলিউডৰ অভিনেতা যদিও তেওঁ সমগ্ৰ বিশ্বৰ যুৱপ্ৰজন্মৰ বাবে হৈ পৰিছিল হাৰ্টথ্ৰৱ।সেইগৰাকী হাৰ্টথ্ৰৱ লিঅ’নাৰ্ড আহিব অসমলৈ !তেওঁক অসম ভ্ৰমণৰ বাবে নিমন্ত্ৰণ জনাইছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।উল্লেখ্য যে বিগত মাহত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২০২২চনত এটাও গঁড় হত্যা নোহোৱাৰ বিষয়টো টুইট যোগে উল্লেখ কৰিছিল।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুখ্যমন্ত্ৰীৰ টুইটাৰ বাৰ্তাটো ৰিটুইট কৰি কাজিৰঙাত গঁড় হত্যা ৰোধ কৰাত সফল হোৱা বাবে অসম চৰকাৰক ধন্যবাদ জনাই প্ৰশংসা কৰিছিল।প্ৰধানমন্ত্ৰীৰ টুইটটো পুনৰ ৰিটুইট কৰি অভিনেতাগৰাকীয়ে প্ৰশংসা কৰি লিখিছে ‘ ২০২১চনত অসম চৰকাৰে এশিঙীয়া গঁড় হত্যা বন্ধ কৰাত সফল হৈছে।২০০০ চনৰ পৰা ২০২১ বৰ্ষৰ ভিতৰত অসমত ১৯০ টা গঁড় হত্যা হৈছিল৷১৯৭৭ চনৰ পৰা প্ৰথমবাৰৰ বাবে অসম চৰকাৰ এইক্ষেত্ৰত সফল হৈছে৷কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন প্ৰায় ২২০০ গঁড়ৰ আবাসথলী।বিশ্বৰ সৰ্বমুঠ গঁড়ৰ সংখ্যাৰ দুই তৃতীয়াংশই অসমত আছে।’উল্লেখযোগ্য যে এশিঙীয়া গঁড় কেৱল ভাৰত,নেপাল আৰু ভূটানত পোৱা যায়৷বিগত ৪২ বছৰত প্ৰথমবাৰৰ বাবে এই গঁড়ৰ সংখ্যা ৪০০০ সংখ্যা অতিক্ৰম কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.