Investigative reporting with dedication.

উল্লেখ্য যে এখন সংবাদমেলত বিজেপি নেতা পৱন খেৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু হিণ্ডেনবাৰ্গ ৰিচাৰ্ছ সম্পৰ্কত মন্তব্য দিবলৈ গৈ কৈছিল ‘ নামটো দামোদৰ দাস কিন্তু কামবোৰ গৌতম দাসৰ।’এই মন্তব্যৰ পিছতেই গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিজেপিৰ প্ৰায়বোৰ নেতাই কংগ্ৰেছ দলক সমালোচনাৰে থকাসৰকা কৰিছে।অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাও ইয়াৰ ব্যতিক্ৰম নহ’ল।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ তদন্তৰ বিষয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু তেওঁৰ পিতৃৰ নাম উচ্চাৰণ কৰাটোক কঠোৰ ভাষাৰে সমালোচনা কৰিছে৷তেওঁ কয় ‘ দেশে কংগ্ৰেছীৰ এই ভয়ংকৰ ঘৃণনীয় মন্তব্যক কেতিয়াও ক্ষমা নকৰে।সোমবাৰে পৱন খেৰাৰ মন্তব্য সম্পৰ্কত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত লিখিছে ‘ পৱন খেৰাৰ এই দুৰ্ভাগ্যজনক মন্তব্যত সঁচাই ব্যথিত।জ্যেষ্ঠ কংগ্ৰেছী সকলক সুমতি দিয়ক যাতে এনেকুৱা এজন প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে মন্তব্য দিওঁতে তেওঁলোকে সাৱধান হ’বলৈ শিকে,দেশবাসীয়ে এওঁলোকক ক্ষমা নকৰিব।’ইতিমধ্যে খেৰাৰ বিৰুদ্ধে উত্তৰ প্ৰদেশৰ বিজেপি নেতা মুকেশ শৰ্মাই উত্তৰ প্ৰদেশৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে।অভিযোগটোত মোডী আৰু তেওঁৰ প্ৰয়াত পিতৃক সাঙুৰি লোৱাটোক পৱন খেৰাৰ ‘ ইচ্ছাকৃত আৰু উপলুঙাসূচক’ কাৰ্য বুলি উল্লেখ কৰা হৈছে।শান্তি বিঘ্নিত,অপমান তথা মানহানিকৰ মন্তব্য,সমাজত শান্তি বিঘ্নিত কৰা মন্তব্য ,ঘৃণা বিয়পোৱাকে আদি কৰি ভাৰতীয় দণ্ডবিধিৰ অধীনত ৪ টা গোচৰ ৰুজু কৰা হৈছে কংগ্ৰেছ নেতা পৱন খেৰাৰ বিৰুদ্ধে।ইয়াৰ পিছতেই বিগত ১৭ ফেব্ৰুৱাৰীত পৱন খেৰাই টুইট যোগে স্পষ্টীকৰণ দিয়ে এনেদৰে ‘সঁচাকৈয়ে দামোদৰ দাস আছিল নে গৌতম দাস আছিল,তাক লৈ সেই সময়ত মই বিমোৰত পৰিছিলোঁ।’




