জুইৰ লগত খেলিছে বিজেপিয়ে?

Share This Article

তেলেংগানাৰ মন্ত্ৰী কে টি ৰামাৰাও বৃহস্পতিবাৰৰ দিনটোত আক্ৰমণাত্মক হৈ পৰে প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে।
মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গৌতম আদানিৰ বিত্তীয় কেলেংকাৰী সন্দৰ্ভত একো মন্তব্য নিদিয়াৰ বিষয়টো উল্লেখ কৰি কয় যে গৌতম আদানি হ’ল মোডীৰ প্ৰক্সি !সেয়ে তেওঁ সুৰক্ষা দিছে আদানিক।’মোডীক সকীয়নি দি তেওঁ কয় যে দক্ষিণত মোডীৰ লেতেৰা ৰাজনীতি নচলিব !মন্ত্ৰী KTR এ কয় ‘ কিয় প্ৰধানমন্ত্ৰী মোডীয়ে আদানিৰ সম্পৰ্কত একো মন্তব্য কৰা নাই?আমিতো গৌতম আদানিক নৰেন্দ্ৰ মোডীৰ প্ৰক্সি বুলিয়েই ভাবোঁ।তেওঁ এই সম্পৰ্কত লাই ডিটেক্টৰৰ সন্মুখীন হ’বলৈ সৎ সাহস হ’বনে?তেওঁ দেশবাসীক এই বিষয়ে কিবা ক’ব পাৰিবনে?বিজেপিৰ প্ৰতিগৰাকীয়েই ৰাজা হৰিশ্চন্দ্ৰ নেকি?’পুনৰ তেলেংগানাৰ মন্ত্ৰীগৰাকীৰ প্ৰশ্ন ‘ বিজেপিৰ সকলো লোকেই স্বচ্ছ নেকি?হাৰাশাস্তি কৰা,ৰাজনৈতিক হিংস্ৰতা এইবোৰৰ সহায়ত বেলেগত ক্ষমতা লাভ কৰিব পাৰে বিজেপিয়ে কিন্তু দাক্ষিণাত্যত সেয়া সম্ভৱ নহয়।খুব কম দিনৰ ভিতৰত মোডীয়ে এই বিষয়টো উপলব্ধি কৰিব৷মোডীৰ ডাবল ইঞ্জিন মানে হ’ল ৰাজনৈতিক ইঞ্জিন মোডী আৰু অৰ্থনৈতিক ইঞ্জিন আদানি।তেলেংগানাৰ মুখ্যমন্ত্ৰী KCR ৰ কন্যা কে কবিতাক বৃহস্পতিবাৰে EDএ জেৰালৈ মতা সন্দৰ্ভত মন্তব্য দিবলৈ গৈ এনেদৰে কয় তেলেংগানাৰ মন্ত্ৰীগৰাকীয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.