জাত-পাতৰ অংকত বিভোৰ বিজেপি !

Share This Article

ৰাজস্থান,মধ্য প্ৰদেশ,ছত্তীশগড়ত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠনৰ ক্ষমতা লাভ কৰাৰ পিছতো মুখ্যমন্ত্ৰীৰ বাচি উলিয়াবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হৈছে । ইতিমধ্যে ছত্তীশগড়ত মুখ্যমন্ত্ৰী বিচাৰি উলিয়ালে বিজেপিয়ে।কিন্তু এতিয়াও মধ্য প্ৰদেশ আৰু ৰাজস্থানৰ বাবে মুখ্যমন্ত্ৰী কোন হ’ব নিৰ্ধাৰণ কৰিব পৰা নাই বিজেপিয়ে। দুয়োখন ৰাজ্যতে পৰ্যবেক্ষকৰ নেতৃত্বত সোমবাৰে বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।গুৰুত্বপূৰ্ণ বিষয়টো হ’ল বিজেপিৰ বাবে এই ফলাফল যদি প্ৰত্যাশিতই আছিল,তেন্তে কিয় ফলাফল ওলোৱাৰ এটা সপ্তাহ পিছতো মুখ্যমন্ত্ৰী সম্পৰ্কত কোনো সিন্ধান্ত ল’ব পৰা নাই বিজেপিয়ে -কি কাৰণত ইমান সময় লৈছে বিজেপিয়ে ?ইয়াৰ প্ৰকৃত ৰহস্য উদঘাটন কৰিবলৈ হ’লে এটা কথাই মন কৰিব লাগিব যে বিজেপিৰ এতিয়া মূল লক্ষ্য হ’ল ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচন। তিনিখন হিন্দী বলয়ৰ ৰাজ্যত একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত উল্লাসিত হৈ পৰিছে বিজেপি। এই উল্লাসৰ ঢৌ একে ধৰণে ৰাখিবলৈ হ’লে বিজেপিয়ে জয়ী হোৱা তিনিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী নিৰ্বাচনৰ ক্ষেত্ৰত যথেষ্ট সতৰ্কতা অৱলম্বন কৰিছে।বিজেপিয়ে জাতিগত বিষয়টোক যথেষ্ট অগ্ৰাধিকাৰ দিছে।সেয়ে ছত্তীশগড়ত জনজাতীয় লোকক মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰিছে।ইণ্ডিয়া মৰ্চাই যিহেতু জাতিগত জনগণনাক এক মূল বিষয় হিচাপে নিৰ্বাচনী প্ৰচাৰ চলাইছিল আৰু ইতিমধ্যে ইণ্ডিয়া মিত্ৰজোঁটৰ অংশীদাৰ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ নেতৃত্বাধীন বিহাৰ চৰকাৰে ৰাজ্যখনত জাতিগত জনগণনা সম্পন্ন কৰিলে,সেয়ে বিৰোধীয়ে যাতে বিজেপিক জাতি -জনগোষ্ঠীক অৱহেলা কৰা বুলি সমালোচনা কৰিব নোৱাৰে তাৰ বাবে এইবাৰ মুখ্যমন্ত্ৰী নিৰ্বাচনৰ বিষয়টোত যথেষ্ট সজাগতা অৱলম্বন কৰিছে প্ৰধানমন্ত্ৰী মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে।মধ্য প্ৰদেশত বৰ্তমানৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান থকাৰ পিছতো কেন্দ্ৰীয় নেতৃত্বই সন্ধান কৰিছে নতুন মুখৰ। তিনিখন ৰাজ্য ক্ৰমে মধ্য প্ৰদেশ,ৰাজস্থান আৰু ছত্তীশগড়ত প্ৰাক্তন মুখ্যমন্ত্ৰী ক্ৰমে শিৱৰাজ সিং চৌহান,বসুন্ধৰা ৰাজে সিন্ধিয়া,ৰমন সিঙক পুনৰ মুখ্যমন্ত্ৰী পদত বহাব বিচৰা নাই বিজেপিয়ে।বিগত নিৰ্বাচনৰ সময়তো কেন্দ্ৰীয় নেতৃত্ব বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰীৰ অমিত শ্বাহে একাষৰীয়া কৰি ৰাখিছিল এই তিনিওগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীক৷বিশেষকৈ বসুন্ধৰা ৰাজে আৰু শিৱৰাজ সিঙে নিৰ্বাচনী প্ৰচাৰত নিজাকৈহে প্ৰচাৰ অভিযান চলাইছিল।বাবা বালক নাথ যোগী সম্প্ৰদায়ৰ হোৱা বাবে তেওঁক হয়তো কেন্দ্ৰীয় নেতৃত্বই মুখ্যমন্ত্ৰীৰ দৌৰৰ পৰা আঁতৰোৱাৰ ইংগিত দিছে। কিয়নো আন এখন হিন্দী বলয়ৰ ৰাজ্য উত্তৰ প্ৰদেশত যোগী আদিত্যনাথ মুখ্যমন্ত্ৰী পদত ইতিমধ্যেই অধিষ্ঠিত হৈ আছে ।ইতিমধ্যে ৰাজস্থানত মুখ্যমন্ত্ৰী নিৰ্বাচনৰ বাবে তিনিগৰাকী পৰ্যবেক্ষক নিয়োগ কৰিছে কেন্দ্ৰই। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং,সৰোজ পাণ্ডে,বিনোদ ভাৱৰে ইতিমধ্যে ৰাজস্থানত উপস্থিত হৈছে। তেওঁলোকে জয়ী হৈ অহা বিধায়কসকলৰ লগত আলোচনাত মিলিত হৈ বিধায়কসকলে মুখ্যমন্ত্ৰী হিচাপে কাক বেছি পচন্দ কৰে ,সেই বিষয়ে জনাব৷প্ৰথম অবস্থাত বাবা বালক নাথৰ নাম সঘনাই উচ্চাৰিত হৈছিল যদিও বিজেপিৰ বহু কেইগৰাকী জ্যেষ্ঠ নেতাই তেওঁৰ বয়স কম বুলি আপত্তি দৰ্শাইছে । তদুপৰি যোগী সম্প্ৰদায়ৰ হোৱা বাবেও মুখ্যমন্ত্ৰীৰ দৌৰৰ পৰা আঁতৰিবলগীয়া হৈছে বাবা বালক নৰথ। কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱট,দিয়া কুমাৰী আৰু ৰাজ্যবৰ্ধন সিং ৰাথোড় ৰাজপুত সম্প্ৰদায়ৰ প্ৰতিনিধি৷ৰাজস্থানত কেন্দ্ৰীয় নেতৃত্বই ৰাজপুত অথবা ব্ৰাহ্মণ সম্প্ৰদায়ৰ প্ৰতিনিধিক মুখ্যমন্ত্ৰী আসনত বহুৱাব বিচাৰিছে বুলি দলৰ এক আভ্যন্তৰীণ সূত্ৰই প্ৰকাশ কৰিছে।ব্ৰাহ্মণ সম্প্ৰদায়ৰ ভিতৰত আছে দুগৰাকী ব্যক্তি৷তাৰে এগৰাকী হ’ল কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু আনগৰাকী হ’ল ৰাজস্থান বিজেপিৰ সভাপতি চি পি যোশী। ৰাজস্থানত ব্ৰাহ্মণৰ জনসংখ্যা ৭%,গুজ্জৰ ৯%,ৰাজপুত ৯% ।ৰাজস্থানত মুখ্যমন্ত্ৰী কোন হ’ব সোমবাৰৰ নিশাৰ ভিতৰতে ঘোষণা হোৱাৰ সম্ভাৱনা আছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.