Investigative reporting with dedication.

স্বাধীনতাৰ ৭৪ বছৰৰ পিছতো শান্ত হোৱা নাই পৃথিৱীৰ ভূস্বৰ্গ কাশ্মীৰ। কাশ্মীৰত ধাৰাবাহিকভাৱে অনা-কাশ্মীৰী লোক সকলক লক্ষ্য কৰি থকা হৈছে। এই আক্ৰমণবোৰৰ বাবে মানুহৰ মাজত ক্ষোভ বাঢ়ি আহিছে। ইফালে মেঘালয়ৰ বৰ্তমানৰ ৰাজ্যপাল সত্যপাল মালিকে কাশ্মীৰত অনা-কাশ্মীৰী লোক সকলৰ হত্যা সন্দৰ্ভত এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। মালিকে কৈছে যে যেতিয়া তেওঁ জম্মু আৰু কাশ্মীৰৰ ৰাজ্যপাল হৈ আছিল তেতিয়া কোনো সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা সংঘটিত হোৱা নাছিল। আনকি সন্ত্ৰাসবাদীয়ে শ্ৰীনগৰৰ ৫০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত প্ৰৱেশ কৰিবলৈ সাহস কৰা নাছিল।




