জনতাক কোঙা কৰি মন্ত্ৰীৰ লাহবিলাহ !

Share This Article

১৬ গৰাকী মন্ত্ৰীৰ নামত এদিনৰ ব্যয় ৩ কোটি ৬৮ লাখ,কোনোবাই বাৰু বিশ্বাস কৰিবনে? অৰ্থাৎ একোগৰাকী মন্ত্ৰীৰ বাবদ ২৩ লাখ! আৰু ঠিক সেই হিচাপত এখন বৈঠকত একোগৰাকী মন্ত্ৰীৰ নামত হৈছে ২ লাখ ৫৫ হাজাৰ ! গতিকে আপুনি ভাৱক ১২৬ গৰাকী বিধায়কৰ নামত ব্যয়ৰ পৰিমাণ কিমান হ’ব? আমি উল্লেখ কৰিব বিচাৰিছোঁ অসম বিধানসভাৰ অধিবেশন সন্দৰ্ভত অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ নতুন ঘোষণাৰ কথা। এইবাৰৰ পৰা হেনো অসম বিধানসভাৰ অধিবেশন ৰাজধানী দিশপুৰৰ বাহিৰত অনুষ্ঠিত হ’ব। সেই অনুযায়ী প্ৰথমখন বিধানসভাৰ অধিবেশন অনুষ্ঠিত হ’ব কোকৰাঝাৰত। কিন্তু এই সময়তেই পোহৰলৈ আহিছে ৰাজকোষৰ ধনৰ অপব্যয়ৰ কিছু স্পষ্ট ছবি। বিধানসভাৰ তথ্যত প্ৰকাশ পাইছে এই তথ্য।ৰাজধানীৰ বাহিৰত ৯ খন জিলাত অনুষ্ঠিত হৈছিল কেবিনেট বৈঠক।।চৰকাৰৰ ১৬ গৰাকী মন্ত্ৰীৰ কেবিনেট বৈঠকৰ নামত ব্যয় ৩ কোটি ৬৮ লাখ টকা। বিধানসভাত দিয়া তথ্য অনুসৰি ডিমা-হাচাওত অনুষ্ঠিত কেবিনেট বৈঠকৰ নামত সৰ্বাধিক ব্যয়ৰ পৰিমাণ ১,১৩,৯২,৩৯৯টকা ।বিধানসভাত দাখিল কৰা তথ্যত এই ব্যয়ৰ হিচাপ প্ৰকাশ পাইছে। এই তথ্য অনুসৰি যোৰহাটত অনুষ্ঠিত কেবিনেট বৈঠকৰ নামত খৰচ হৈছিল ৪৮,৪২,১৭৩টকা। শিলচৰত অনুষ্ঠিত কেবিনেট বৈঠকৰ নামত খৰচ হৈছিল ৩০,৬০,০০০ টকা। ডিমা হাছাওত অনুষ্ঠিত হোৱা বৈঠকত সৰ্বাধিক খৰচ হৈছিল ১,১৩,৯২,৩৯৯টকা। কোকৰাঝাৰত অনুষ্ঠিত কেবিনেট বৈঠকৰ নামত খৰচ হৈছিল ২১,৯,১০৮ টকা। বঙাইগাঁওত অনুষ্ঠিত কেবিনেট বৈঠকৰ নামত খৰচ হৈছিল ৫৫,৫৪,০৩৪টকা। শোণিতপুৰত অনুষ্ঠিত কেবিনেট বৈঠকৰ নামত খৰচ হৈছিল ৭,৬৯,০০০টকা।ধেমাজিত অনুষ্ঠিত কেবিনেট বৈঠকৰ নামত খৰচ হৈছিল ৩৪,০৮,৩৬১ টকা। ডিব্ৰুগড়ত অনুষ্ঠিত কেবিনেট বৈঠকৰ নামত খৰচ হৈছিল ৩৫,১৫,৯১২ টকা। কামৰূপ(মহানগৰ)ত অনুষ্ঠিত কেবিনেট বৈঠকৰ নামত খৰচ হৈছিল ২১,৭৯,১২৯ টকা। এই খৰচৰ হিচাপ দেখি সকলো হতবাক হোৱাৰ সময়তেই অসম বিধানসভাৰ অধ্যক্ষৰ আন এক ঘোষণা। ৰাজধানী দিছপুৰৰ বাহিৰত হ’ব বিধানসভাৰ অধিবেশন। সদনত বিশেষ ঘোষণা অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ। দিছপুৰৰ বাহিৰত অনুষ্ঠিত হ’ব লগীয়া প্ৰথমখন অধিবেশন অনুষ্ঠিত হ’ব কোকৰাঝাৰত। চমক সৃষ্টিৰ নামত বিজেপি চৰকাৰে ব্যয় কৰিছে ৰাজকোষৰ ধন।কেবিনেট বৈঠকৰ নামত ৰাজকোষৰ ধন অপব্যয় হোৱাৰ পাছত এইবাৰ দিছপুৰৰ বাহিৰত বিধানসভাৰ অধিবেশন। ১২৬ গৰাকী বিধায়কক লৈ ৰাজধানীৰ বাহিৰত অধিবেশন পাতিলে খৰছৰ পৰিমাণ কিমান হ’ব? ৰাজধানীৰ বাহিৰত বিধানসভা অধিবেশন পাতিলে খৰছ কোনে বহন কৰিব? চমক সৃষ্টিৰ নামত বাৰে-বাৰে ৰাজকোষৰ ধনৰ অপব্যয় কিয়? চমক সৃষ্টিৰে সৰ্বস্ব জয় কৰিবলৈ বিচৰা অসম চৰকাৰৰ উন্নয়নৰ তালিকাত আমাৰ ৰাজ্য অসমৰ অৱস্থা পুতৌজনক। অইনটো বাদেই মৰা ভৰলুৰ আৱৰ্জনা ঢাকিবলৈ তিৰপাল ব্যৱহাৰ কৰিবলগীয়া অৱস্থা আমাৰ ৰাজ্য অসমতেই হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.