ছেবাৰ গাইড বুক উন্মোচন

Share This Article

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ বাবে প্ৰথমখন গাইড বুক উন্মোচন কৰে ডিব্ৰুগড়ত। ডিব্ৰুগড় জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী সকলৰ সুবিধা হোৱাকৈ ষ্টুডেন্ট গাইড বুক উন্মোচন কৰা হয়। ‘ছেবা’ৰ নতুন নিৰ্দেশনা অনুসৰি আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত গণিত, বিজ্ঞান, সমাজ বিজ্ঞান আৰু ইংৰাজী বিষয়ত ৫০ শতাংশ বস্তুনিষ্ঠ প্ৰশ্নৰ অহাৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় জিলাৰ আভ্যন্তৰীন পৰীক্ষা সমিতিৰ তত্বাৱধানত এই পুথিখন প্ৰস্তুত কৰি উলিওৱা হৈছে।বিশেষকৈ ডিব্ৰুগড় জিলাৰ শিক্ষা বিভাগৰ দ্বাৰা ৰাজ্য খনৰ ভিতৰতে পোন প্ৰথম বাৰৰ বাবে লোৱা এনে বলিষ্ঠ পদক্ষেপ সচাঁকৈয়ে প্ৰশংসনীয়। এই ক্ষেত্ৰত বিশেষকৈ বিদ্যালয় সমূহৰ পৰিদৰ্শক দিপীকা চৌধুৰী আৰু ‘ছেবা’ৰ আঞ্চলিক সচিব দীপাংকৰ দত্তৰ পৰিকল্পনা তথা প্ৰত্যক্ষ তত্বাৱধানত আৰু ডিব্ৰুগড় জিলা অধিবিদ্যা পৰিষদ ,হাইস্কুল শিক্ষক সন্থা, মাধ্যমিক শিক্ষক তথা কৰ্মচাৰী সন্থাৰ সহযোগত প্ৰস্তুত কৰি উলিওৱা এই পুথিখন নিঃসন্দেহে ছাত্ৰ -ছাত্ৰী সকলৰ বাবে যথেষ্ট সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰিছে উপায়ুক্ত পেগুৱে। অতি কম সময়ৰ ভিতৰতে প্ৰস্তুত কৰি উলিওৱা এই পুথিখনৰ প্ৰকাশৰ লগত জড়িত সম্পাদক উদয় শংকৰ গগৈ, সহ সম্পাদক অঞ্জন কোঁৱৰ আৰু শিও কুমাৰ চাহু লগতে বিভিন্ন বিষয়ৰ প্রশ্ন যুগুতোৱা সকলো শিক্ষক – শিক্ষয়িত্ৰীৰ প্ৰচেষ্টাক একেমুখে শলাগ লৈছে উপায়ুক্ত পেগুৱে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.