চৰকাৰী বিষয়াক চিকিৎসকৰ ভাবুকি

Share This Article

এইবাৰ এজন চিকিৎসকে ধুবুৰীৰ সমাজ কল্যাণ কাৰ্য্যালয়ৰ জিলা সমাজ কল্যাণ বিষয়া সূৰ্য বৰুৱাক প্ৰদান কৰিলে ভাবুকি।ভাড়া ঘৰত নিশা ৯ বজাত উপস্থিত হৈ অশ্লীল ভাষাৰে গালি গালাজ কৰাৰ লগতে প্ৰাণে মৰাৰ ভাবুকি দিয়ে চিকিৎসকজনে।কেৱল ভাবুকিয়েই নহয় শাৰীৰিক ভাবেও অপদস্থ কৰাৰ চেষ্টা কৰে তেওঁ।সমাজ কল্যাণ বিভাগত ধৰ্মশালাত গৌৰীপুৰ ICDS প্ৰকল্পত মুখ্য সেৱিকা হিচাপে কৰ্মৰত ৰযিফা পাৰবিন চুলতানা আয়ুষ্মান ভাৰত আঁচনিত বিগত প্ৰায় ১৮ মাৰ্চৰ পৰা ২৭ মাৰ্চ লৈকে কোনো অনুমতি অবিহনে অনুপস্থিত থকাৰ লগতে আয়ুষ্মান ভাৰতৰ কোনো কামেই কৰা নাছিল।সেই মৰ্মেই ধুবুৰী জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ অতিৰিক্ত উপায়ুক্ত নৃত্যা বিনোদ ৱাৰীয়ে মুখ্য সেৱিকা ৰযিফা পাৰবিন চুলতানাক কৈফিয় ৎ তলব বা কাৰণ জনোৱাৰ জাননী প্ৰেৰণ কৰিছিল।আৰু এই কৈফিয়ৎ তলব বা জাননী পত্ৰ পোৱাৰ পাছতেই মুখ্য সেৱিকা ৰযিফা পাৰবিন চুলতানাৰ স্বামী ডা° হুছেইন ৰেজাউল কৰিম নিশা উপস্থিত হৈছিল জিলা সমাজ কল্যাণ বিষয়াৰ সূৰ্য বৰুৱাৰ ভাড়া ঘৰত।ভাড়া ঘৰত উপস্থিত হৈ ভাবুকি প্ৰদান কৰাৰ ভিডিও বন্দী হল চি চি টিভিত।ইতিমধ্যে ধুবুৰী জিলা সমাজ কল্যান বিষয়া সূৰ্য বৰুৱাক শাৰীৰিক ভাবে অপদস্থ কৰা আৰু ভাবুকি প্ৰদানৰ বিৰুদ্ধে ধুবুৰী সদৰ থানাত গোচৰ ৰুজু কৰিছে।ধুবুৰী আৰক্ষীয়ে এই মুহূৰ্তত লৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।আনহাতে ধুবুৰীত কৰ্মৰত হৈ থকা জিলা সমাজ কল্যাণ বিষয়া সূৰ্য বৰুৱাক বৰ্তমান নিজৰ জীৱনৰ সুৰক্ষাক লৈ হৈ পৰিছে শংকিত।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.