চেনাই লৈ নহয়,ৰেকৰ্ডলৈ ভোকে লঘোনে অপেক্ষা নাচনীৰ !

Share This Article

১০০ কোটি টকীয়া বিহুৰ বিলাই ! ১০০ কোটি টকীয়া বিহুত নাচিবলৈ অহা ঢুলীয়া-পেঁপুৱাৰ আলাই-আথানি !১০০ কোটি টকীয়া বিহু নাচিবলৈ অহা নাচনীও পৰিল ঢলি ! সৰুসজাইত ১৩ হাজাৰ ঢুলীয়া-পেঁপুৱা নাচনীৰ গিজগিজনি। নাচনী-ঢুলীয়া-পেঁপুৱাৰ গিৰিপনিৰে খদমদম সৰুসজাই। কিন্তু নাচনী আৰু বিহুৱাৰ বিলৈ বিপত্তি দেখিলে আপুনিও হ’ব আচৰিত !দূৰণিবটীয়া বাছত আহি থাকিবলৈ ঠাই নাই নাচনী-ঢুলীয়াৰ !মাটিয়ে-মজিয়াই পৰি থাকিবলগীয়া অৱস্থা হৈছে দূৰণিবটীয়া বিহুৱা-বিহুৱতীৰ ! আলাই-আথানিৰে হাহাকাৰ অৱস্থা।
বিহুৱাক থাকিবলৈ দিয়া ঠাইত নাই শৌচাগাৰ! ২৪ ঘণ্টা ধৰি বাছেৰে যাত্ৰা কৰি আহি গুৱাহাটী পোৱা বিহুৱাৰ সোমবাৰে নিশা লাগিল হাঁহাকাৰ। কাৰণ বিহুৱাক থাকিবলৈ দিয়া সৰহ সংখ্যক ঠাইতেই নাই পৰ্য্যাপ্ত প্ৰস্ৰাৱগাৰ, শৌচাগাৰ, গা-ধোৱা ঘৰ। একোটা শ্ৰেণীকোঠাৰ ভিতৰতে ১৪-১৫ জনকৈ বিহুৱাক পাণ জপাদি জাপি থাকিবলৈ দিলে বিশ্ব ৰেকৰ্ডৰ বাবে দায়িত্ব লোৱা বিহু আয়োজকে। মহৰ কামোৰত ডবৰা-ডবৰ হ’ল বিহুৱাৰ শৰীৰ।পাণ জপাদি জাপি থাকিবলৈ দিলে বিশ্ব ৰেকৰ্ডৰ বাবে দায়িত্ব লোৱা বিহু আয়োজকে। মহৰ কামোৰত ডবৰা-ডবৰ হ’ল বিহুৱাৰ শৰীৰ।আমাৰ বিহুৰ গিনীজ বুক ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত হ’ব। আমাৰ বিহু পৃথিৱীৰ চৌদিশে জিলিকি উঠিব। আৰু সেয়েহে ১০০ কোটি টকা ব্যয়েৰে বিহু নাচিব ১৩ হাজাৰ বিহুৱা-বিহুৱতীয়ে। কিন্তু চ’তৰ শুকান বতৰৰ প্ৰকোপ সহিব নোৱাৰিলে বিহুৱতীয়ে।ঠাইতেই অসুস্থ হৈ মূর্ছা গ’ল বিহুৱতী।জিৰণি ল’বলৈ ঠাই নাই, ষ্টেডিয়ামতেই শুই পৰিল ভাগৰুৱা নাচনী !
নিশাটো কটাবলৈ ঠাই নাপাই ৰাস্তাতে থাকিবলগীয়া হ’ল নাচনী। ৰ’দত নাচি কেইবাগৰাকীও নাচনী বাগৰি পৰিল..ভাগৰত লেবেজান..তেওঁলোক নিজে নাই অহা.. তেওঁলোকক লৈ অহা হৈছে। তেওঁলোকক এই অৱস্থালৈ ঠেলি দিয়া সকলৰ দায়িত্বজ্ঞানহীনতাৰ নমুনা এয়া। এনেবোৰ আলাই-আথানিৰ মাজতেই প্ৰশ্ন হৈছে যে ১০০ কোটি টকীয়া এই বিহুৰ বাবে গুৱাহাটীৰ ৯০ শতাংশ হোটেল-ল’জ বুক কৰা বুলি ঘোষণা কৰা হৈছিল। এই তিনিটা দিনৰ বাবে লোৱা হৈছিল ৰয়েল গ্লোবেল স্কুলৰ পৰা IIT, GHYৰ হোষ্টেললৈকে। কিন্তু তাৰ পাছতো কিয় কষ্ট পাব লগীয়া হ’ল বিহুৱা-বিহুৱতীয়ে?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.