চুপ ,মোডী -আদানি সম্পৰ্কত একো নুসুধিব !

Share This Article

ৰাহুল গান্ধীয়ে শীঘ্ৰেই এৰিব চৰকাৰী আবাস।এই কথা নিশ্চিত কৰে ৰাহুল গান্ধীয়ে ।বিগত শুকুৰবাৰে ছুৰাট আদালতৰ এক ৰায়ৰ ভিত্তিত লোকসভা সচিবালয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰে।মোডী উপাধি সম্পৰ্কত কৰা এক মন্তব্যৰ বাবে ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানি গোচৰ তৰিছিল পূৰ্ণেশ মোডী নামৰ এগৰাকী বিধায়কে।ৰাহুল গান্ধীৰ ২বছৰ জে’ল আৰু ৮ বছৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব নোৱাৰাৰ ৰায় প্ৰদান কৰে ছুৰাটৰ আদালতে।আনহাতে,শুকুৰবাৰে লোকসভা সচিবালয়ে সাংসদ পদ খাৰিজ কৰাৰ পাছতেই ৰাহুল গান্ধীয়ে তেওঁৰ প্ৰফাইলত যোগ্যতা হেৰুৱা সাংসদ বুলি উল্লেখ কৰি আপডেট দিয়ে।আশ্চৰ্যজনকভাৱে,ৰাহুল গান্ধীক এই ৰায়ৰ বিৰোধিতাৰে ন্যায়ালয়ৰ কাষ চপাৰ বাবে ৩০ দিন সময় দিয়াৰ পিছতো কিন্তু সোমবাৰে সন্ধিয়া লোকসভা সচিবালয়ৰ তৰফৰ পৰা পুনৰ তেওঁক চৰকাৰী বাসভৱন খালী কৰাৰ নিৰ্দেশ দিয়া হয়।এই নিৰ্দেশৰ পাছত ৰাহুল গান্ধীয়ে শীঘ্ৰেই বাসভৱন খালী কৰিব বুলি জনায়।উল্লেখ্য যে ২০০৪ চনত প্ৰথমবাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছৰ পৰা ১২টোঘলক লেনৰ চৰকাৰী বাসগৃহতেই আছে ৰাহুল গান্ধী।ৰাহুল গান্ধীয়ে ঘৰ খালী কৰাৰ নিৰ্দেশ লাভ কৰাৰ পিছতেই জাননীৰ উত্তৰত লিখিছে ‘ বিগত চাৰিটা কাৰ্যকাল জনসাধাৰণৰ মোৰ প্ৰতি থকা সমৰ্থনৰ বাবেহে মই এই বাসভৱনটোত থাকি মধুৰ সময়বোৰ উপভোগ কৰাৰ সুবিধা লাভ কৰিছিলোঁ।মোৰ অধিকাৰৰ বিষয়টোক আওকাণ কৰি মই আপুনি প্ৰেৰণ কৰা জাননী অনুসৰি পদক্ষেপ ল’বলৈ সাজু আছোঁ।’কংগ্ৰেছ নেতাগৰাকীলৈ বাসগৃহ খালী কৰাৰ নিৰ্দেশ অহাৰ পিছত দলটোৰ সভাপতি মল্লিকাৰ্জ্জুন খাৰ্গেই কেন্দ্ৰীয় চৰকাৰৰ এই সিন্ধান্তৰ লক্ষ্য ‘ ভয় ভাবুকি,হাৰাশাস্তি’ৰ বুলি উল্লেখ কৰে।তেওঁ লগতে কয় যে প্ৰয়োজনত তেওঁ তেওঁৰ মাতৃৰ লগত থাকিব।খাৰ্গেই কয় ‘ তেওঁলোকে ৰাহুল গান্ধীক দুৰ্বল কৰিবলৈ সকলো পদক্ষেপ লৈছে,যদি তেওঁ বাসভৱন খালী কৰে তেন্তে তেওঁ মাকৰ লগত অথবা মোৰ লগত থাকিবলৈ আহিব পাৰে।’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.