চুঙা চাই সোপা দিলে মোডীক

Share This Article

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক উভতি ধৰিছে কংগ্ৰেছ সভাপতি মাল্লিকাৰ্জুন খাৰ্গেই।প্ৰধানমন্ত্ৰী মোডীক উভতি ধৰি তেওঁ টুইটাৰত লিখিছে ‘আদানিৰ চেল কোম্পানীৰ ২০, ০০০ কোটিৰ গৰাকী কোন হয়?ললিত মোডী,নীৰৱ মোডী,মেহুল চকচী,বিজয় মালিয়া,যতীন মেহতা আপোনাৰ ভ্ৰষ্টাচাৰ ভগাও অভিযানৰ সদস্য নেকি?আপুনি এই জোঁটবন্ধনৰ আহ্বায়ক নেকি?’উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঐক্যবদ্ধ বিৰোধীক সমালোচনা কৰিবলৈ গৈ বিৰোধী ঐক্যক ‘ভ্ৰষ্টাচাৰীৰ দল ‘ আখ্যা দিছিল।মোডীৰ মতে সকলো ভ্ৰষ্টাচাৰী দলে দেশৰ সাংবিধানিক সংস্থাক আক্ৰমণৰ লক্ষ্য হিচাপে লৈছে।প্ৰধানমন্ত্ৰী মোডীৰ অত্যন্ত ঘনিষ্ঠ গৌতম আদানিৰ বিত্তীয় কেলেংকাৰী সম্পৰ্কত আমেৰিকাৰ হিণ্ডেনবাৰ্গ ৰিছাৰ্ছে প্ৰকাশ কৰিছিল ভয়ংকৰ তথ্য৷ইয়াৰ পিছতেই মোডী -আদানিৰ সম্পৰ্ক সম্বন্ধে বিৰোধীৰ আক্ৰমণ আৰম্ভ হৈছে।সমগ্ৰ দেশতেই বিৰোধীয়ে প্ৰতিবাদ অব্যাহত ৰাখিছে আৰু মোডী-আদানি সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰে মন্তব্য দিয়াটো বিচাৰিছে যদিও বিষয়টো সম্পৰ্কত সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰিছে চৰকাৰে৷এই বিষয়টো সম্পৰ্কত প্ৰশ্ন কৰাৰ বাবেই ৰাহুল গান্ধীক লক্ষ্য কৰি লৈছিল চৰকাৰে।দেশৰ কেইবাটাও বিত্তীয় প্ৰতিষ্ঠানৰ ঋণ লৈ বিদেশত আশ্ৰয় লৈ আছে মেহুল ছকচী,নীৰৱ মোডী,বিজয় মালিয়াৰ দৰে লোক।এওঁলোক আটায়ে গুজৰাটৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ঘনিষ্ঠ৷সেয়ে বিৰোধী ঐক্যক ‘ভ্ৰষ্টাচাৰী গোট’ বুলি সমালোচনা কৰাৰ তীব্ৰ বিৰোধিতা কৰিছে কংগ্ৰেছ নেতা খাৰ্গেই৷খাৰ্গেৰ মতে বিৰোধী যদি ভ্ৰষ্টাচাৰী চকচী,মোডী,মালিয়াৰ দৰে দেশক ঠগি যোৱাসকল কোন?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.