চীনৰ চিচি কেমেৰা আছে নেকি আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত?

Share This Article

উল্লেখযোগ্য চীনৰ চিচি কেমেৰা চৰকাৰী কাৰ্যালয়ত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰাৰ পৰামৰ্শ আগবঢ়ায় অৰুণাচলৰ বিধায়ক নিনং এৰিঙে।বিধায়ক গৰাকীয়ে প্ৰধানমন্ত্ৰী মোডীলৈ এই আহ্বান জনাই এক পত্ৰ প্ৰেৰণ কৰে। ইতিমধ্যে এই পত্ৰক গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা কৰিছে সংশ্লিষ্ট বিভাগসমূহে৷জাতীয় নিৰাপত্তাৰ ক্ষেত্ৰত বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিছে কেন্দ্ৰৰ গৃহ দপ্তৰে।বিশেষকৈ অৰুণাচল প্ৰদেশ সংলগ্ন ভাৰত -চীন সীমান্তত এখনৰ পিছত এখন গাওঁ চীনৰ বুলি দাবী কৰি অহা সময়ত কংগ্ৰেছ বিধায়ক নিনং এৰিঙে কয় ‘ চীনে ইতিমধ্যে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰিছে।চীনে আনকি ভাৰতৰ তথ্য প্ৰযুক্তি খণ্ডতো আক্ৰমণ আৰম্ভ কৰিছে।সেয়ে এই বিষয়টো মোকাবিলা কৰাৰ বাবে এইখিনিয়েই উত্তম সময়।আমি সেয়ে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আৱেদন জনাইছোঁ যে খুব সোনকালেই যাতে ভাৰত চৰকাৰে ইয়াৰ কাৰ্যালয়বোৰত চীনৰ চিচি কেমেৰা ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰে।’
আনহাতে,কংগ্ৰেছ বিধায়ক নিনং এৰিঙৰ এই পত্ৰৰ পিছতে চীনা ম’বাইল ব্যৱহাৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰিছে সেনাবাহিনীৰ চোৰাংচোৱা সংস্থাই৷অৱশ্যে সেনাবাহিনীৰ চোৰাংচোৱা সংস্থাই এই সিন্ধান্ত বিধায়ক নিনং এৰিঙৰ পত্ৰৰ পিছতে লৈছে নে নিজাববীয়াকৈ লৈছে সেই কথা স্পষ্ট কৰা নাই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.