চীনা সৈন্যৰ সমাধি বুলি ইণ্ডিয়া টুডে, আজতক আৰু টাইমছ নাউ চেনেলে প্ৰচাৰ কৰিলে বহু পুৰণি ফটো

Share This Article

যোৱা প্ৰায় ৩১ আগষ্টৰ পৰা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বহুল ভাৱে চৰ্চিত হোৱা এটা বিষয় হৈছে লাডাখ সীমান্তত ভাৰত চীন সংঘৰ্ষ। যোৱা কিছুদিন পূৰ্বে লাডাখ সীমান্তত ভাৰত আৰু চীনৰ সংঘৰ্ষৰ বৰ বিশেষ তথ্য এতিয়াও ৰাজহুৱা হোৱা নাই যদিয়ো টিভি চেনেল সমূহে প্ৰতি দিনে প্ৰচাৰ কৰিছে বিশেষ সূত্ৰৰ পৰা লাভ কৰা বিশেষ বিশেষ খবৰ। তেনে এক “exclusive” প্ৰতিবেদনৰ অংশ হিচাপেই চীনা সৈন্যৰ সমাধি বুলি ইণ্ডিয়া টুডে, আজতক আৰু টাইমছ নাউ চেনেলে প্ৰচাৰ কৰিছিল এখন ফটো। নিউজ চেনেল কেইটাই exclusive বুলি দাবী কৰা উক্ত ফটোখন আছিল PLA নামেৰে জনাজাত চীনা সৈন্যৰ এক সমাধি ক্ষেত্ৰৰ ফটো। ইয়াৰ জৰিয়তে চেনেলকেইটাই পৰিবেশন কৰা বাতৰিত দাবী কৰা হৈছিল যে সমাধি ক্ষেত্ৰত বহু কেইটা নতুন সমাধি নতুন কৈ দেখিবলৈ পোৱা গৈছে। যিয়ে এই কথা নিশিতা কৰে যে যোৱা গালৱান ভেলীত হোৱা ভাৰত-চীন সংঘৰ্ষত বহুতো চীনা সৈন্যৰ মৃত্যু হৈছে। অৱশ্যে এই সংখ্যাক লৈ প্ৰত্যেকেটো চেনেলে নিজা নিজা অংক আগবঢ়ালে।

photo courtesy: Alt news

আজতক চেনেলটোৱে দাবী কৰিলে যে সমাধি ক্ষেত্ৰত প্ৰায় ৪০ তা নতুন সমাধি দেখা পোৱা গৈছে। গতিকে গালৱান ভেলীৰ সংঘৰ্ষত নাই কমেও ৪০ জন চীনা সৈন্যৰ মৃত্যু হৈছে। একেদৰে Times Now য়ে এই সংখ্যা কলে প্ৰায় ১০৬, news X আৰু ABP ৰ মতে ৩০ ইত্যাদি।


ইয়াৰ পিছতে এই ফটোখনক লৈ FACT CHECK কৰিলে ALT NEWS নামৰ এক ভুৱা খবৰ ধৰা পেলোৱা ৱেবছাইটে। তেওঁলোকে নিজৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি india today নামৰ চেনেলটোৱে ব্যৱহাৰ কৰা উক্ত ফটো খন আচলতে ২০১১ চনৰে আৰু তাত থকা মুঠ সমাধিৰ শস্য হৈছে ১০৫।সমাধিস্থলতো চীনৰ Kangxiwa নামৰ অঞ্চলত অৱস্থিত আৰু ইয়াতে ১৯৬২ চনৰ ভাৰত চীন যুদ্ধত মৃত্যু হোৱা চীনা সৈন্যৰ সমাধি দিয়া হৈছিল।

photo courtesy: Alt News

Alt news ৰ অনুসন্ধানত পোহৰলৈ অহা অনুসৰি যদিও উক্ত সমাধিস্থলত ২০১১ চনত ১০৫ তা সমাধি আছিল। পৰৱৰ্তী পৰ্যায়ত ইয়াত ৩ টা নতুন সমাধি যোগ হৈছিল। কিন্তু উল্লেখযোগ্য যে উক্ত নতুন তিনিটা সমাধি গালৱান ভেলীৰ ভাৰত চীন সংঘৰ্ষৰ পূৰ্বৰে। কিয়নো যোৱা এপ্ৰিল মাহতে চীনা সৈন্যই সেই সমাধিস্থল পৰিদৰ্শন কৰি সামাজিক মাধ্যমত দিয়া এটা ভিডিওত এই সমাধিত থকা মুঠ সমাধিৰ সংখ্যা ১০৮ তা বুলি চীনে দাবী কৰিছিল।

ইয়াৰ পৰা এটা কথা নিশ্চিত যে ৰাষ্ট্ৰীয় টেলিভিছন চেনেল কেইটাত গালৱান ভেলীৰ সংঘৰ্ষত মৃত্যু হোৱা চীনা সৈন্যৰ সমাধি বুলি প্ৰচাৰ কৰা উক্ত ফটোখন আছিল বহু পুৰণি আৰু উক্ত বাতৰি ভুল তথ্যৰ আধাৰত প্ৰতিষ্ঠিত।

 

photo courtesy; Alt news

Share This Article
The CrossCurrent Bureau
The CrossCurrent Bureau