Investigative reporting with dedication.

কিছুদিন পূৰ্বে চীনা সৈন্যই অপহৰণ কৰা বুলি অভিযোগ উঠা ৫ জন অৰুণাচলী যুৱকক আজি ভাৰতীয় সেনাৰ হাতত অৰ্পণ কৰে চীনে। জানিব পৰা মতে যুৱক কেইজনক এতিয়া ভাৰতীয় সেনাই কোভিড-১৯ প্ৰট’কল অনুসৰি ১৪ দিন কুৱাৰেণ্টাইন কৰিব। ইয়াৰ পিছতে যুৱক কেইজনক পৰিয়ালৰ লোকৰ হাতত গতাই দিয়া হব।
উল্লেখযোগ্য যে অৰুণাচলী যুৱক কেইজনক চীনা সৈন্যই অপহৰণ কৰা বুলি অভিযোগ উত্থাপন হোৱাৰ পিছতে ভাৰতীয় সেনাই হট লাইন যুগে চীনা সৈন্যৰ লগত যুৱক কেইজন নিৰুদেশ হোৱা সম্পৰ্কে যোগাযোগ কৰিছিল। যোৱা ৮ ছেপ্টেম্বৰত হট লাইন যুগে চীনা সৈন্যই যুৱক কেইজনক বিচাৰি উলিওৱা বুলি ভাৰতীয় সেনাক জানিব দিছিল।




