চাকৰিৰ নামত ধন সংগ্ৰহ বিজেপি নেতাৰ !

Share This Article

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈ চাকৰি দিয়াৰ নামত টকা লৈ গ্ৰেপ্তাৰ ৰাজ্যিক বিজেপি নেতা আনছাৰুল হক।চাকৰি দিয়াৰ নামত সাধাৰণ ৰাইজৰ পৰা অৰ্থ সংগ্ৰহ কৰি আৰক্ষীৰ জালত স্বয়ম্ভূ বিজেপি নেতা । বৃহস্পতিবাৰে হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আনছাৰুল হ’ক চৌধুৰী নামৰ বিজেপি নেতা গৰাকীক গ্ৰেপ্তাৰ হোৱা আনছাৰুল হ’ক বিজেপি সংখালঘু মৰ্চাৰ ৰাজ্যিক কাৰ্যবাহী সদস্য ।হাইলাকান্দি জিলাৰ কাটলিছেৰা থানাত গ্ৰেপ্তাৰ কৰি তাক সোধা-পোছা চলাইছে আৰক্ষীয়ে ।মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীয়ুষ হাজৰিকা সহ আন বহু বিজেপি নেতা আৰু মন্ত্ৰীৰ সৈতে উঠা ফটোৰেই ভৰ্তি সামাজিক মাধ্যমৰ আপডেট । ঘৰ হাইলাকান্দি জিলাত, কিন্তু সদায় দেখা যায় গুৱাহাটীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান । পিছে কোন এই মহান ব্যক্তি ? কি তেওঁৰ পৰিচয় ? এই অতি ৰহস্যজনক বক্তি গৰাকীৰ নাম আনছাৰুল হক চৌধুৰী ।সামাজিক মাধ্যমত নিজক বিজেপি সংখ্যালঘু মৰ্চাৰ নেতা বুলি পৰিচয় দিয়ে ।আৰু এই পৰিচয় ব্যবহাৰ কৰি যোৱা কেই বছৰ ধৰি হাইলাকান্দি জিলাৰ বিভিন্ন লোকৰ পৰা সংগ্ৰহ কৰিছিল লাখ লাখ টকা। পিছে ধাৰত লোৱা টকা ঘূৰাই নিদি তাৰ পৰিবৰ্তে সেই পৰিয়ালৰ কাৰবাক এটা চাকৰি দিব বুলি আশ্বাস প্ৰদান কৰিছিল আনছাৰুলে।কিন্তু আজিলৈকে এই আশ্বাস ফলপ্ৰসু নোহোৱাৰ বাবে এই প্ৰবঞ্চনাৰ বলি হোৱা পৰিয়াল সমূহ দ্বাৰস্থ হৈছিল আৰক্ষী থানাৰ।হাইলাকান্দি জিলাৰ নতুন বজাৰৰ বাসিন্দা দিলোৱাৰ হুচেইন নামৰ এগৰাকী ব্যক্তিয়ে কাটলিছেৰা আৰক্ষী চকীত এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰে । কাটলিছেৰা আৰক্ষীয়ে গোচৰটো ৯১/২৩ নম্বৰত আৰু ভাৰতীয় দণ্ডবিধিৰ ৪২০ / ৪০৬ / ৪৬৮ ধাৰাত ৰজু কৰি আনছাৰুল হকক থানালৈ মাতি আনে । ইয়াৰ উপৰিও স্থানীয় বোৱালিপাৰ এলেকাৰ চাহাব উদ্দিন নামৰ আন এগৰাকী ব্যক্তিৰ পৰা মুঠ ৭ লাখ টকা লোৱাৰো অভিযোগ আছে তেওঁৰ ওপৰত।লগতে এটা ৪ লাখ আৰু এটা ৩ লাখ ৯০ হাজাৰ টকাৰ চেক বাউঞ্চৰ গোচৰো চলিছে তেওঁৰ বিৰুদ্ধে।আনহাতে AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ বিৰুদ্ধে কিছু অসাংবিধানিক মন্তব্য কৰাৰ বাবেও আনছাৰুল হ’কৰ বিৰুদ্ধে হাইলাকান্দি জিলাৰ লালা থানাত ১৩৭/২৩ নম্বৰত এটা গোচৰ ৰজু হৈ আছে । বৰ্তমানে অভিযুক্ত আনছাৰুল হকক কাটলিছেৰা আৰক্ষী চকীত আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।সোধপোছৰ অন্তত তেওঁক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা থকা বুলিও আৰক্ষী সূত্ৰে জানিব পৰা গৈছে ।ৃ০-দত-তত

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.