ঘৰৰ কথা পৰক ক’লে ৰাহুল গান্ধীয়ে,ক্ষুব্ধ বিজেপি

Share This Article

উল্লেখযোগ্য যে কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত অংশ লোৱাৰ উদ্দেশ্যে বৃটেইনলৈ আমন্ত্ৰিত হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী।কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ ওপৰিও দেশখনত অনুষ্ঠিত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ৰাহুল গান্ধীয়ে।কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিৰোধী দল বিজেপিক সমালোচনা কৰি কয় যে বিজেপিয়ে সদায়ে ক্ষমতাত থাকিব বুলি নিশ্চিত হৈ কামবোৰ কৰি আছে।বৃটেইন ভ্ৰমণত থকা কংগ্ৰেছ নেতাগৰাকীয়ে ‘চাটহম হাউছ’ৰ ‘থিংক টেংক’ অনুষ্ঠানত অংশ লয় সোমবাৰে।এই কাৰ্যসূচীত অংশ লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে ইউপিএ চৰকাৰে ইয়াৰ কাৰ্যকালত দেশৰ পৰিবৰ্তিত ৰাজনৈতিক পৰিৱেশৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা নাছিল যিটো আছিল এই চৰকাৰখনৰ সবাতোকৈ বৃহৎ বিফলতা।ৰাহুল গান্ধীয়ে লগতে কয় ‘ আপুনি যদি স্বাধীনতাৰ পিছৰ দিনবোৰলৈ চায়,দেখিব যে কংগ্ৰেছ দলেই সৰ্বাধিক সময় ক্ষমতাত আছিল।বিজেপিৰ এই ১০ বছৰীয়া শাসনৰ আগত আমি ১০ বছৰ শাসনত আছিলোঁ৷কিন্তু বিজেপিয়ে ভাবিবলৈ লৈছে যে বিজেপিয়ে স্বৰ্গীয় ক্ষমতা লাভ কৰিলে।এইটো তেওঁলোকৰ ভুল ধাৰণা ‘পুনৰ ইউপিএ শাসনৰ কথা মনত পেলাই তেওঁ কয় ‘ আমি আমাৰ দিনত গ্ৰামাঞ্চলৰ বিকাশত গুৰুত্ব দিছিলোঁ।সেয়ে নগৰ অঞ্চলত আমি আমাৰ স্থান হেৰুৱাইছিলোঁ৷সেইটো একেবাৰে সঁচা কথা৷এতিয়া বিজেপি ক্ষমতাত আছে,কংগ্ৰেছে ক্ষমতা হেৰুবালে।’আনহাতে,ৰাহুল গান্ধীয়ে বিদেশৰ ভূমিত বিজেপি তথা বৰ্তমান চৰকাৰক সমালোচনা কৰা বিষয়টোত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে বিজেপি দলে।কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে কয় ‘ ভাৰতক প্ৰবঞ্চনা নকৰিব ৰাহুলজী।আপুনি বৈদেশিক নীতি সম্পৰ্কত যি বিৰোধিতা কৰিছে তাৰ পৰাই আপুনি এই সমস্যাবোৰ কেনেদৰে উপলব্ধি কৰে সেইটো স্পষ্ট হৈছে৷আপোনাৰ কথা কোনেও বিশ্বাস নকৰে।আপুনি বিদেশৰ মাটিত ভাৰতক বদনাম কৰিছে।’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.