ঘেঁহাই ফোপাই হ’লেও হিন্দী কওক !

Share This Article

হিন্দী আপুনি জানেনে?আপুনি ঘেঁহাই ফোপাই হ’লেও হিন্দী ক’বলৈ চেষ্টা কৰেনে?হিন্দী বোলে জানিবই লাগিব !হিন্দী নাজানি চৰম লটিঘটি এগৰাকী মহিলাৰ !সবিশেষ জানিবলৈ চাওক এই প্ৰতিবেদন-

হয়,আপুনি যদি ভাৰতীয়,আপুনি বোলে হিন্দী জানিবই লাগিব !হিন্দী বোলে আমাৰ দেশৰ ৰাষ্ট্ৰীয় ভাষা !হিন্দী নজনাৰ বাবে চূড়ান্ত অপমানৰ সন্মুখীন হ’ল এগৰাকী অভিযন্তা।কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ মুখ্য নিৰাপত্তাৰক্ষী বিষয়াগৰাকীয়ে গোৱাত অপমান কৰিলে তামিলনাডুৰ অভিযন্তা শৰ্মিলাক। গোৱাৰ ডেবলিম বিমানবন্দৰত নিৰাপত্তাৰক্ষীয়ে তেওঁৰ বেগসমূহ পৰীক্ষা কৰাৰ সময়ত তামিলনাডুৰ অভিযন্তাগৰাকী অপমানৰ সন্মুখীন হয়।অভিযন্তাগৰাকী অপমানৰ সন্মুখীন হোৱাৰ পিছতে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে টুইটাৰত লিখিছে ‘ হিন্দী নজনাৰ বাবে অহিন্দীভাষী ৰাজ্যৰ লোক গোৱাত কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ বিষয়াৰ দ্বাৰা অপমানিত হোৱাটো দেশৰ বাবেই এক উদ্বেগজনক ঘটনা৷হিন্দী ৰাষ্ট্ৰীয় ভাষা -সেয়ে হিন্দী সকলোৱে জনা উচিত বুলি নিৰাপত্তা বিষয়াগৰাকীয়ে যি মন্তব্য দিছে ই সঁচাকৈয়ে হতাশজনক আৰু চিন্তনীয় বিষয়।’উল্লেখ্য যে তামিলনাডুৰ এগৰাকী মহিলা অভিযন্তাই গোৱাৰ ডেবলিম বিমানবন্দৰত নিৰাপত্তা বিষয়াৰ দ্বাৰা অপমানিত হোৱা বুলি উল্লেখ কৰিছিল।তেওঁ দাবী কৰিছিল যে তেওঁক হিন্দী নজনা বাবে অপমান কৰিছিল আৰু হিন্দী শিকি ল’বলৈ কৈছিল। বিষয়াগৰাকীয়ে কৈছিল যে হিন্দী ৰাষ্ট্ৰীয় ভাষা আৰু তামিলনাডু যিহেতু ভাৰতত,গতিকে তেওঁ হিন্দী শিকা উচিত।উল্লেখ্য যে হিন্দী যদিও চৰকাৰী ভাষা ,এই ভাষাটো সমগ্ৰ দেশতেই প্ৰচলিত নহয়।দক্ষিণ ভাৰতৰ ৰাজ্যবোৰৰ ভাষা হিন্দী নহয়,সেয়ে দক্ষিণ ভাৰতীয় লোকসকলে হিন্দী নাজানে আৰু জনা বা শিকাৰো চেষ্টা নকৰে।এই বিষয়টোক লৈ প্ৰায়েই বিতৰ্ক হোৱা দেখা যায়।শেহতীয়াকৈ এগৰাকী মহিলা অভিযন্তাক হিন্দী নজনাৰ বাবে নিৰাপত্তা বিষয়াই তাচ্ছিল্যসূচক মন্তব্য কৰা বিষয়টোক গুৰুত্ব সহকাৰে লৈ তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে টুইট কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.