গৰুৱে কিদৰে বিপদ মাতিছে যোগী আদিত্যনাথৰ ?

উত্তৰ প্ৰদেশত বিগত পাঁচ বছৰত চলিল যোগীৰাজ ৷ যোগীৰাজ মানেই হিন্দুত্ববাদৰ কঠোৰ অনুশীলন ৷ গো হত্যাৰ বিৰুদ্ধে শাসনলৈ অহাৰ পাছৰে পৰা কঠোৰ স্থিতি গ্ৰহণ কৰিছে হিন্দুত্ববাদী মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৷ কেৱল ২০২০ চনতে যোগী আদিত্যনাথে গো মাংসৰ ব্যৱসায়ৰ লগত জড়িত ৭৬ জন লোকক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিছে ৷ যাক লৈ ন্যায়ালয়ে অসন্তুষ্টিও ব্যক্ত কৰিছে ৷ গো হত্যাত জড়িত ব্যক্তিক আনকি এনকাউন্টাৰো কৰা হৈছে উত্তৰ প্ৰদেশত ৷ কিন্তু গো ব্যৱসায়ৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ স্থিতি এতিয়া মূৰৰ কামোৰণিত পৰিণত হৈছে যোগী আদিত্যনাথৰ বাবে ৷ গৰাকীবিহীন গৰুৱে এতিয়া বিপদত পেলাইছে বিজেপিক ৷ গো ব্যৱসায়ত আৰোপ কৰা নিষেধাজ্ঞাৰ বাবেই এইদৰে গৰাকীবিহীন পশুৰ সংখ্যা দ্ৰুতহাৰত বৃদ্ধি পাইছে ৷ পশুপালন বিভাগৰ মতে গৰাকীবিহীন পশুপালনৰ বাবে উত্তৰ প্ৰদেশত ৫৬১৯ টা গোশালা স্থাপন কৰা হৈছে ৷ য’ত আছে ৯ লাখ ৪ হাজাৰ পশুধন ৷ কিন্তু এয়াও পৰ্যাপ্ত হৈ থকা নাই ৷ যাৰ বাবে উত্তৰ প্ৰদেশৰ বাটে ঘাটে গৰাকীবিহীন পশু সুলভ হৈ পৰিছে ৷ গৰাকীবিহীন পশূৰ বাবেই বিপদত পৰিছে কৃষকসমাজ ৷ এই সমস্যাৰ পৰা উদ্ধাৰ পাবলৈ উত্তৰ প্ৰদেশ চৰকাৰে অসহায় গোবংশ সহযোগিতা অভিযানৰ আৰম্ভণি কৰিছিল ৷ এই আঁচনি অনুসৰি গৰাকীবিহীন পশু প্ৰতিপালন কৰা লোকক প্ৰতিদিনে ৩০ টকাকৈ আৰ্থিক সহায় দিয়াৰ কথা চৰকাৰে ৷ কিন্তু কোনেও এই আঁচনিৰ হিতাধিকাৰী হ’বলৈ ইচ্ছ্যুক নহয় ৷ কাৰণ , ৩০ টকা এটা গৰু প্ৰতিপালনৰ বাবে তেনেই কম টকা ৷ যিহেতু এনে গৰু কোনো কামৰ বাবে উপযোগী নহয় ৷ তদুপৰি এই আঁচনিৰ ধনো সময়মতে লাভ নকৰে হিতাধিকাৰীয়ে ৷ যাৰ বাবে উত্তৰ প্ৰদেশত আঁচনিখন নিষ্ফল প্ৰমানিত হৈছে ৷ ইয়াৰে মাচুল ভৰিবলগীয়া হৈছে কৃষকসকলে ৷ যাৰ পৰিয়ালত অধিক সদস্য নাই , তেনে কৃষকে মাহিলি ২০ হাজাৰ পৰ্যন্ত ধন ব্যয় কৰি নিশা খেতিপথাৰত ৰখীয়া নিয়োগ কৰিবলগীয়া হৈছে ৷ সেইবাবেই গৰাকীবিহীন পশু হৈ পৰিছে উত্তৰ প্ৰদেশৰ অন্যতম প্ৰধান নিৰ্বাচনী ইছ্যু ৷ যিদৰে যোগীৰ কঠোৰ হিন্দুত্ববাদী নীতিয়ে গোপালক আৰু কৃষকসকলক বিপদত পেলাইছে , তাৰেই যেন নিৰ্বাচনত প্ৰতিদান দিবলগীয়া হ’ব যোগী আদিত্যনাথে ৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296