গৰুৰ বাবেই বিপদত বিজেপি !

বিজেপিয়ে মেঘালয়ত এইবাৰ জয়লাভ কৰাটো নিশ্চিত।এই দাবী মেঘালয় বিজেপিৰ সভাপতি আৰ্নেষ্ট মাৰৱীৰ।মাৰৱীয়ে কয় ‘ বিজেপি কেতিয়াও খ্ৰীষ্টানবিৰোধী নহয়।মেঘালয় আৰু গোৱাই ইয়াৰ উৎকৃষ্ট উদাহৰণ।মই নিজে এগৰাকী খ্ৰীষ্টান ব্যক্তি।কিন্তু মোকতো কোনোদিনে বিজেপিয়ে গীৰ্জাত নাযাবলৈ কোৱা নাই।’উল্লেখ্য যে বিগত নিৰ্বাচনত এনপিপিৰ লগত জোঁটবন্ধন কৰি মেঘালয়ত ক্ষমতাৰ অংশীদাৰ আছিল বিজেপিয়ে।চলিত বিধানসভাৰ নিৰ্বাচনত এসময়ৰ মিত্ৰ দল কনৰাড চাংমা নেতৃত্বাধীন এনপিপিয়ে অকলেই নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা আগবঢ়াইছে।আনহাতে,মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছেও এইবাৰৰ নিৰ্বাচনত যুদ্ধকালীন ক্ষিপ্ৰতাৰে প্ৰতিন্দন্দ্বিতাত নামি পৰিছে।এনপিপিৰ সংগ এৰি কিছু পৰিমাণে দুৰ্বল হৈছে বিজেপি দল।তদুপৰি খ্ৰীষ্টানবিৰোধী আৰু গোমাংস গ্ৰহণত বাধা প্ৰদান কৰা বিজেপিক কোনো কাৰণতে বিশ্বাসত লোৱা নাই মেঘালয়ৰ জনতাই।সেয়ে জনতাক পতিয়ন নিয়াবলৈ বিজেপি সভাপতি গৰাকীয়ে কয় ‘ গোমাংস খোৱাত কোনো বাধা নাই।এইটো মেঘালয়বাসীৰ জীৱন শৈলীৰ অংশ ৷সেইটো কোনেও বন্ধ কৰিব নোৱাৰে।মই আন ৰাজ্যই গ্ৰহণ কৰা সিন্ধান্তৰ বিষয়ে মন্তব্য দিব নোৱাৰোঁ৷মই মাথো জানো যে আমি মেঘালয়ৰ৷আমাৰ ইয়াত সকলোৱে গোমাংস খায়৷সেয়ে ইয়াত কোনেও গোমাংস খোৱাৰ ক্ষেত্ৰত বাধা দিব নোৱাৰে।মেঘালয়ত আমাৰ এটা মাংস কটা গৃহ আছে৷তাত গৰু,গাহৰি,ছাগলী সকলো কাটে।সেয়া মেঘালয়ৰ জনতাৰ একপ্ৰকাৰ অভ্যাস।এইবাৰ মেঘালয়ৰ জনতাই পৰিবৰ্তন বিচাৰিছে।আমাৰ ছাৰ্ভে অনুসৰি আমিয়েই সংখ্যাগৰিষ্ঠতা লাভ কৰিম।’উল্লেখ্য যে মেঘালয়ত বিজেপিয়ে ২০১৮ চনৰ বিধানসভাৰ নিৰ্বাচনত মাত্ৰ ২খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল৷অহা ২৭ ফেব্ৰুৱাৰীত মেঘালয়ত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296