গ্ৰেপ্তাৰৰ ভয়ত ঘৰতে প্ৰসৱ,মৃত্যু অন্তঃসত্ত্বাৰ

Share This Article

বাল্যবিবাহৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সময়তে যোগীঘোপাৰ কাবাইটাৰীত মৃত্যুক আকোৱালি লয় এগৰাকী ৯ মহীয়া অন্তঃসত্বা নাবালিকাই।প্ৰসৱ বেদনাত চটফটাই থকা ১৬ বছৰীয়া বিৱাহিতা নাবালিকা গৰাকীক যোৱা দেওবাৰে বিয়লি অতি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়াৰ পথতে তেওঁৰ মৃত্যু হয়। মৃত নাবালিকা গৰাকী কাবাইটাৰী প্ৰথম খণ্ডৰ ৰেজিনা বেগম বুলি জানিব পৰা গৈছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নাবালিকা গৰাকীৰ স্বামী চাহিনুৰ আলী আৰু পিতৃ আয়নাল হকক বুধবাৰে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।জানিব পৰা মতে, কৰেয়া পাহাৰ গাৱঁৰ ১৬ বছৰীয়া নাবালিকা গৰাকীৰ প্ৰায় এবছৰ পুৰ্বে কাবাইটাৰী প্ৰথম খণ্ডৰ চাহিনুৰ আলীৰ সৈতে বাল্য বিবাহ সম্পন্ন হৈছিল । বিবাহ সূত্ৰে ১৬ বছৰ বয়সতে নাবালিকা গৰাকী গৰ্ভৱতী হয় । কিন্তু শেহতীয়াভাবে বাল্য বিবাহৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতিৰ পিচতে আৰক্ষীয়ে ৰাজ্যজুৰি বাল্যবিবাহৰ বিৰুদ্ধে অভিযান চলায় ।যোগীঘোপাতো আৰক্ষীয়ে বাল্য বিৱাহৰ অভিযোগত মুঠ ২২ জনক গ্ৰেপ্তাৰ কৰে । এনে পৰিস্থিতিত আৰক্ষীৰ ভয়ত ৯ মহীয়া অন্তঃসত্বা নাবালিকা গৰাকীক পৰিয়ালৰ লোকে ঘৰতে সন্তান প্ৰসৱৰ চেষ্টা চলায় । কিন্তু নাবালিকা গৰাকীৰ অৱস্থা অতি সংকটজনক হোৱাত পৰিয়ালৰ লোকে মুমুৰ্ষ অৱস্থাত নাবালিকা গৰাকীক চলন্তাপাৰা স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰে । বঙাইগাঁৱলৈ নিয়াৰ পথতে নাবালিকা গৰাকীৰ মৃত্যু হয়। এই ঘটনা সন্দৰ্ভত বঙাইগাঁও জিলাৰ উপায়ুক্ত, মহকুমাধিপতি, জিলা যুটীয়া স্থাস্থ্য সেৱা সঞ্চালক তথা স্বাস্থ্য বিভাগৰ দল চলন্তাপাৰা স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ ঘটনাৰ তদন্ত কৰে । ইপিনে আৰক্ষীয়ে বাল্যবিবাহৰ অভিযোগত মৃত নাবালিকা গৰাকীৰ স্বামী চাহিনুৰ আলী আৰু পিতৃ আয়নাল হকক গ্ৰেপ্তাৰ কৰে কালি আৰু জেললৈ প্ৰেৰণ কৰে ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.