গেলাত আৰু কিমান টেঙা দিব চৰকাৰে?

Share This Article

গৰমত গৰম তেল ঢালিবলৈ সাজু হৈছে ৰাজ্যৰ শক্তি বিভাগ।আকৌ বাঢ়িব বিদ্যুতৰ মাচুল ৷২৩ জুনৰ পৰা কাৰ্যকৰী হ’ব বিদ্যুতৰ বৰ্ধিত নিৰিখ।জনতা শেষ হৈ যাওক। জনতা নিপাতে যাওক। জনতা নিগমে মৰক। চৰকাৰ বাহাদুৰ কিন্ত গপত গংগাটোপ। মন গ’লেই দাম বঢ়াব। মন গ’লেই কৰ আৰোপ কৰিব এই চৰকাৰ বাহাদুৰে। হঠাৎ বিদ্যুতৰ প্ৰিপেইড মিটাৰ সংৰোপন কৰি জনতাৰ মূৰত মাধমাৰ সোধোৱা চৰকাৰখনে যধে-মধে সংগ্ৰহ কৰিছে বিদ্যুৎ মাচুল আৰু এতিয়া ২৪ ঘণ্টাই বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনে লোড শ্বেডিঙেৰে গঢ়িছে অভিলেখ। প্ৰশ্ন হৈছে ২৪ ঘণ্টা বিদ্যুৎ দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছত কিমান সফল হ’ল বি জে পি চৰকাৰ? কিয়নো শক্তি বিভাগৰ কাণ্ডজ্ঞানহীনতাৰ বাবে এতিয়া জ্বলা-কলা খাইছে সাধাৰণ ৰাইজে। এফালে গৰমে দহিছে ৰাজ্যবাসীক তাৰ মাজতেই আকৌ ৰাইজৰ মুৰতেই মূল্যবৃদ্ধিৰ গৰম তেল ঢালিবলৈ যোজা চৰকাৰৰ। কাৰণ আৰু বিদ্যুতৰ মাচুল বাঢ়িব। ২৩ জুনৰ পৰা কাৰ্যকৰী হ’ব এই বৰ্ধিত মাচুল। গৰমে দহি শেষ কৰি পেলাইছে চৌদিশ। তাৰ মাজতে বিশেষকৈ গুৱাহাটী মহানগৰীৰ তাপমাত্ৰাত জুৰুলা ৰাইজ ।অত্যাধিক গৰমে জ্বলা-কলা খুওৱা সাধাৰণ জনতাৰ মূৰৰ ওপৰত জাপি দিব ওলাইছে বৰ্ধিত বিদ্যুৎ মাচুল।২৪ ঘণ্টাই বিদ্যুৎ দিয়াৰ প্ৰতিশ্ৰুতি দি শাসনলৈ অহা বিজেপি নেতৃত্বাধীন অসম চৰকাৰ আৰু বিদ্যুৎ বিভাগক তুলাধুনা সাধাৰণ ৰাইজৰ ।সোমবাৰৰ পৰা উৰ্ধমুখী সৱল পাৰাস্তম্ভই জ্বলাকলা খুৱাইছে জনতাক ।আজিৰ দিনটোতেই গুৱাহাটীত তাপমাত্ৰা হ’লগৈ ৩৮ ডিগ্ৰী ছেলছিয়াছ।এনে পৰিস্থিতিত গুৱাহাটী মহানগৰীৰ জনতাই ভুগিবলগীয়া হৈছে বিদ্যুতৰ সমস্যাত ।মিনিটে মিনিটে বিদ্যুৎ বিভাগে বিদ্যুৎ কৰ্তন কৰি হাৰাশাস্তি কৰিছে জনতাক। আৰু এই প্ৰচণ্ড গৰমত বিদ্যুতৰ ব্যৱহাৰ বাঢ়িব। যিহেতু গৰম অধিক, বিদ্যুতৰ ব্যৱহাৰো হ’ব অধিক। আৰু তাৰেই সুযোগ লৈ এতিয়া শক্তি বিভাগে বৃদ্ধি কৰিবলৈ ওলাইছে বিদ্যুৎ মাচুল। চৰকাৰে হয়তো ভাবিছে জনতাই বিদ্যুতৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ সময়তে বিদ্যুৎ মাচুল বৃদ্ধিৰ ষড়যন্ত্ৰ সফল হ’ব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.