গুৱাহাটীতেই নহয় হাফলঙতো হ’ব গ্ৰন্থমেলা

চলিত বিত্তীয় বৰ্ষত ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হ’ব গ্ৰন্থমেলা।অসম প্ৰকাশন পৰিষদৰ প্ৰেক্ষাগৃহত এক সংবাদমেল সম্বোধন কৰি পৰিষদে এই ঘোষণা কৰে।সংবাদমেল সম্বোধন কৰে অসম প্ৰকাশন পৰিষদ, পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ।অসম গ্ৰন্থমেলাক লৈ এই সংবাদমেল সম্বোধন কৰে সংস্থাটোৱে।এই বৰ্ষত ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হ’ব গ্ৰন্থ মেলা।প্ৰাৰম্ভিকভাবে ৫ খন ঠাইত অনুষ্ঠিত হ’ব গ্ৰন্থ মেলা।প্ৰথমখন গ্ৰন্থমেলা উত্তৰ কাছাৰ জিলাৰ হাফলঙত অনুষ্ঠিত হ’ব। অহা ১ – ৭ অক্টোবৰলৈ হাফলঙত অনুষ্ঠিত হব গ্ৰন্থমেলা।দ্বিতীয়খন গ্ৰন্থমেলা লক্ষীমপুৰত ৩১ অক্টোবৰ পৰা ৯ নবেম্বৰলৈ অনুষ্ঠিত হ’ব।১৮ – ২৭ নবেম্বৰলৈ শিৱসাগৰত তৃতীয় খন গ্ৰন্থমেলা অনুষ্ঠিত হ’ব।শিলচৰত ১ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব চতুৰ্থখন গ্ৰন্থমেলা।আনহাতে সদৌ শেষত গুৱাহাটীত ২৯ ডিচেম্বৰ পৰা ৯ জানুৱাৰী লৈ অনুষ্ঠিত হ’ব গ্ৰন্থমেলা। ইয়াৰ উপৰিও দিল্লী, কলিকতা আৰু বেংগালুৰুত অনুষ্ঠিত হোৱা গ্ৰন্থমেলাতো অংশগ্ৰহণ কৰিব অসম প্ৰকাশন পৰিষদে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296