গুৰুতৰভাৱে অসুস্থ কিম জং উন !

Share This Article

উত্তৰ কোৰিয়াৰ স্বেচ্ছাচাৰী তথা মহাপ্ৰতাপী শাসক কিম জং উন বৰ্তমান ক’ত -তাকে লৈ উদ্বিগ্ন সমগ্ৰ বিশ্ব।বিগত কিছু দিন ধৰি কিম জং উনৰ অসুস্থতাৰ বাতৰি কিছু সংবাদমাধ্যমত প্ৰকাশ পাই আহিছে।কিন্তু উত্তৰ কোৰিয়াৰ সংবাদ মাধ্যমত এই মহাপ্ৰতাপী ৰাষ্ট্ৰনেতা গৰাকীৰ বৰ্তমানৰ স্থিতি সম্পৰ্কত কোনো বাতৰি প্ৰকাশ হোৱা নাই।
উল্লেখযোগ্য যে বিগত কেইবা সপ্তাহ ধৰি জনচক্ষুৰ পৰা আঁতৰত আছে কিম জং উন৷প্ৰায় এটা মাহৰো অধিক সময় তেওঁ সকলো চৰকাৰী অনুষ্ঠানৰ পৰা নিজকে আঁতৰাই ৰাখিছে৷সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি প্ৰায় এমাহৰো অধিক সময় কিম জং উনক কোনো ৰাজহুৱা অনুষ্ঠানত প্ৰত্যক্ষ কৰা হোৱা নাই। বিগত ২০১৪ চনতো তেওঁ একেলেঠাৰিয়ে প্ৰায় ৪০ দিনৰ বাবে নিজকে সমাজৰ চকুৰ পৰা আঁতৰাই ৰাখিছিল।ফক্স নিউজৰ এক সূত্ৰ অনুসৰি বিগত দেওবাৰে তেওঁ এখন জৰুৰী বৈঠকত অংশ লোৱাৰ পৰা নিজকে আঁতৰাই ৰাখে।একেলেঠাৰিয়ে তৃতীয়বাৰৰ বাবে তেওঁ নিজকে আঁতৰাই ৰাখিছে।আনহাতে কোৰিয়ান পিপুলচ আৰ্মিৰ ৭৫ তম প্ৰতিষ্ঠা দিৱস শীঘ্ৰেই অনুষ্ঠিত হ’ব।পিয়ংইয়ং চহৰত অনুষ্ঠিত হ’বলগীয়া এই পেৰেডত মহাপ্ৰতাপী কিম জঙে অংশ লোৱাৰ বিষয়টো নিশ্চিত কৰা নাই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.