গুজ্জৰৰ বিধিপথালি,কোন জয়ী হ’ব ৰাজস্থানত?

Share This Article

ৰাজস্থানত শনিবাৰে বিধানসভাৰ নিৰ্বাচন। মুঠ ২০০ খন বিধানসভাৰ আসনৰ ভিতৰত ১৯৯ খনৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হৈছে। ৰাজস্থানত বৰ্তমান মুখ্যমন্ত্ৰী অশোক গেহলটৰ নেতৃত্বত আছে কংগ্ৰেছ দলৰ চৰকাৰ। ৰাজস্থানত এইবাৰ কংগ্ৰেছ অথবা বিজেপি কোনো দলেই জয়ী হ’ব বুলি আত্মবিশ্বাসী হ’ব পৰা নাই।সাধাৰণতে ৰাজস্থানত প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে চৰকাৰ সলনি হয়। সেই অনুসৰি ৰাজস্থানত এইবাৰ বিজেপিৰ চৰকাৰ গঠনৰ প্ৰৱণতা বেছি। আনকি ৰাজস্থানৰ গুজ্জৰ সম্প্ৰদায়ৰ লোকসকল বিগত নিৰ্বাচনত কংগ্ৰেছ দলক সমৰ্থন কৰিছিল যদিও এইবাৰৰ নিৰ্বাচনত বিজেপিক সমৰ্থন আগবঢ়াইছে। উল্লেখ্য যে ৰাজস্থানৰ ৪০ ৰ পৰা ৫০ টা সমষ্টিত গুজ্জৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে। ২০১৮ চনত কংগ্ৰেছ দলে মুঠ ১০ টা সমষ্টিত গুজ্জৰ সম্প্ৰদায়ৰ প্ৰতিনিধিক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল আৰু মুঠ ৭ গৰাকী বিধায়কে জয়লাভ কৰিছিল। তাৰ বিপৰীতে বিজেপি দলে মুঠ ৭ টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল যদিও কিন্তু এখনো আসনত বিজেপি দলে প্ৰাৰ্থী জয়ী কৰাবলৈ সক্ষম হোৱা নাছিল।ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ ৭.৫% গুজ্জৰ সম্প্ৰদায়ৰ।আনহাতে ২০১৩ চনৰ নিৰ্বাচনত গুজ্জৰ আৰু মীনা সম্প্ৰদায়ৰ ভোটাৰে ২৮ খন আসনৰ ২০ খন আসনত প্ৰাৰ্থী জয়ী কৰাবলৈ সক্ষম হৈছিল।ৰাজস্থানৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰী শচীন পাইলট গুজ্জৰ সম্প্ৰদায়ৰ হোৱা বাবে বিগত নিৰ্বাচনত এগৰাকী গুজ্জৰ মুখ্যমন্ত্ৰী হিচাপে পাব বুলি ভাবি আশাবাদী আছিল সম্প্ৰদায়টোৰ লোকসকল। সেয়ে বিগত বৰ্ষত সম্প্ৰদায়টোৰ বিজেপি সমৰ্থকেও কংগ্ৰেছ প্ৰাৰ্থীক জয়ী কৰাইছিল।কিন্তু এইবাৰ সম্প্ৰদায়টোৰ বিজেপিৰ ভোটাৰখিনিিয়ে বিজেপি প্ৰাৰ্থীকে সমৰ্থন কৰাৰ সিদ্ধান্ত লৈছে।যিটোৱে শাসক দল কংগ্ৰেছলৈ একপ্ৰকাৰ অশনি সংকেত কঢ়িয়াই আনিছে।তদুপৰি নিভাই সমষ্টিৰ বিধায়ক প্ৰশান্ত ভেৱাৰ দৰে নেতাই বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত সমষ্টিলৈ নহা,গেহলট-পাইলটৰ মতবিৰোধৰ সময়ত গেহলটক সংগ দিয়া আদি বিষয়ৰ বাবে ক্ষোভিত হৈছে জনগোষ্ঠীটোৰ লোক। ইফালে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ মতানৈক্যৰ বিষয়টোৱে বিজেপিৰ সাধাৰণ সমৰ্থকক যথেষ্ট হতাশগ্ৰস্ততাত পেলাইছে। প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে সিন্ধিয়াই নিজাববীয়াকৈ প্ৰচাৰ চলাইছিল আৰু নিজৰ সমৰ্থিত প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰত ব্যস্ত আছিল। বিজেপি দলৰ কেন্দ্ৰীয় নেতৃত্বই শেহতীয়াকৈ বসুন্ধৰা ৰাজেক কৰা আচৰণে বসুন্ধৰা ৰাজেৰ অনুগত সকলক খড়গহস্ত কৰি তুলিছে।একেটা সময়তেে গেহলট চৰকাৰৰ কিছু আঁচনি যেনে চিৰঞ্জীৱি আঁচনি,কামধেনু যোজনা,৫০০ টকাত গেছ চিলিণ্ডাৰ যোগানৰ আঁচনি আদিয়ে কংগ্ৰেছ চৰকাৰৰ প্ৰতি জনতাৰ আকৰ্ষণ প্ৰতিষ্ঠান বিৰোধী ঢৌৰ স্বত্বেও যিমান কমাব লাগিছিল সিমান কমাব পৰা নাই।কিন্তু গুজ্জৰ,মীনা আদি সম্প্ৰদায়ৰ শেহতীয়া স্থিতিয়ে কোনটো দলক লাভান্বিত কৰিলে সেয়া স্পষ্ট হ’ব অহা ৩ ডিচেম্বৰত।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.