গাখীৰ খুৱাই সাপ পুহি হাৰিল কংগ্ৰেছ !

Share This Article

বিগত  ৫ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত ইণ্ডিয়া মিত্ৰজোঁটে শোচনীয়ভাৱে মুখথেকেঁচা খালে। হিন্দীবলয়ৰ ৰাজ্য মধ্য প্ৰদেশ,ৰাজস্থান,ছত্তীশগড়ত বিজেপিয়ে লাভ কৰিলে অপ্ৰত্যাশিত জয়।এই জয়ৰ পিছত ইণ্ডিয়া মিত্ৰজোঁটক লৈ কিছু পৰিমাণে নিৰাশ হৈছে বিৰোধী দলসমূহ।আনহাতে,বিৰোধীৰ বিপৰীতে একপ্ৰকাৰ ২০২৪ চনত বিজেপিৰ চৰকাৰ হোৱাতো নিশ্চিত বুলি উৎফুল্লিত হৈ পৰিছে বিজেপি।কিন্তু আশ্চৰ্যজনকভাৱে ইণ্ডিয়া মিত্ৰজোঁটক লৈ আশাবাদী জম্মু কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিক।ৰাজস্থানত কিয় হাৰিল কংগ্ৰেছ?সত্যপাল মালিকৰ মতে কেৱল শচীন পাইলটৰ বিৰোধিতাৰ বাবেই ৰাজস্থানত হাৰিল কংগ্ৰেছ৷সত্যপাল মালিকৰ মতে শচীন পাইলটে নিজেই গুজ্জ্বৰ সম্প্ৰদায়ৰ লোকক ভোট কংগ্ৰেছক নিদিবলৈ আহ্বান জনাইছিল।শচীন পাইলটৰ যুক্তি আছিল কংগ্ৰেছ জয়ী হ’লেও কোনো কাৰণতে মুখ্যমন্ত্ৰী হ’ব নোৱাৰে পাইলট,সেয়ে গেহলট মুখ্যমন্ত্ৰী হোৱাতকৈ গুজ্জ্বৰ সম্প্ৰদায়ৰ লোকে বিজেপিকে ভোট দিয়া উচিত।’মালিকে লগতে কয় যে বিগত বিধানসভাৰ নিৰ্বাচনত ১% গুজ্জ্বৰেও ভোট দিয়া নাছিল কংগ্ৰেছক।তদুপৰি কংগ্ৰেছক জাঠ সম্প্ৰদায়ৰ লোকেও ভোট দিয়া নাছিল বুলি উল্লেখ কৰে সত্যপাল মালিকে।৫ খন ৰাজ্যৰ নিৰ্বাচনী ফলাফল ওলোৱাৰ পিছত সৌৰভ শুক্লা নামৰ এগৰাকী সাংবাদিকক দিয়া এক সাক্ষাৎকাৰত মালিকে কয় যে তেওঁ বিৰোধী মিত্ৰজোঁটক লৈ আশাবাদী৷সাক্ষাৎকাৰটোত তেওঁ কয় ‘ হিন্দী বলয়ত বিজেপিয়ে ভাল ফল দেখুৱাইছে কাৰণ তেওঁলোকে সাম্প্ৰদায়িক বিভাজন অনাত সফল হৈছে৷ভোট বিভাজন কৰিয়েই জয়ী হৈছে বিজেপি। বিজেপিৰো এটা সময়ত মাত্ৰ ২গৰাকী সাংসদ আছিল৷সেই কথা কোনেও পাহৰা উচিত নহয়৷মাত্ৰ কংগ্ৰেছ দলকে ধৰি বিৰোধীৰ মিত্ৰজোঁটৰ নেতাসকলে নিজৰ মইবৰ ভাৱটো এৰিব লাগিব।তৃণমূল পৰ্যায়ত কাম কৰিব লাগিব৷শুদ্ধ কথাক শুদ্ধ বুলি ক’ব পাৰিব লাগিব।’প্ৰাক্তন ৰাজ্যপালগৰাকীয়ে কয় ‘ ৰাহুল গান্ধী এগৰাকী আদৰ্শৱান ব্যক্তি।তেওঁ সিদ্ধান্তবোৰ ভাবিগুণি লয় ।বিৰোধীয়ে আৰ্থিক আৰু সামাজিক দিশত কিছু পৰিকল্পনা লৈ সেইবোৰ শীঘ্ৰেই গ্ৰহণ কৰিব লাগিব।তদুপৰি বিজেপি অথবা এনডিএৰ এগৰাকী প্ৰাৰ্থীৰ বিপৰীতে বিৰোধীয়ে তেওঁলোকৰ মিত্ৰজোঁটৰ সমষ্টিটোত ভেঁটি সুদৃঢ় থকা দলৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিব লাগিব।’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.