গণ বিক্ষোভত কঁপিছে এখন দেশ

Share This Article

পেৰুৰ প্ৰধানমন্ত্ৰী এলবাৰ্ট’ অটাৰ’লাই মঙলবাৰে দেশখনত জাৰি কৰে সান্ধ্যআইন।আন্দ’লু এজেঞ্চিৰ এক সূত্ৰত প্ৰকাশ দেশখনৰ নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘটিত সংঘৰ্ষত প্ৰায় ৪০ জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে।পেৰুৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পেড্ৰ’ কাষ্টল’ক ক্ষমতাৰ পৰা অপসাৰণ কৰাৰ পিছত দেশখনৰ পৰিস্থিতি অতি ভয়ংকৰ হৈ পৰিছে।দেশখনৰ পুন’ অঞ্চলত ইয়াৰ বিৰুদ্ধে হৈছে ভয়ংকৰ প্ৰতিবাদ।কাষ্ট’ল’ৰ সমৰ্থকে দেশখনৰ পুন’ অঞ্চলত গ্ৰহণ কৰি আছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী।এই প্ৰতিবাদৰ সময়ত হোৱা সংঘৰ্ষত মুঠ ৪০ জন লোকে প্ৰাণ হেৰুৱাইছে।উল্লেখ্য যে পেৰুৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি গৰাকীক এমাহৰ আগতে দুৰ্নীতিৰ অভিযোগত ক্ষমতাৰ পৰা অপসাৰণ কৰা হৈছিল।সেয়ে বিগত ৭ ডিচেম্বৰৰ পৰাই তেওঁৰ সমৰ্থনকাৰীয়ে আৰম্ভ কৰিছে এই বিক্ষোভ।পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দেশখনত নিশাৰ ভাগত সান্ধ্যআইন বলবৎ কৰা হৈছে।পেৰুৰ ৰাষ্ট্ৰপতি ডিনা বলুৱাৰ্টে দেশখনত সোনকালে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ দাবী কৰিছে৷আনহাতে,প্ৰধানমন্ত্ৰী এলবাৰ্ট’ অটাৰ’লাই এক বৃহৎ সংখ্যক নিৰীহ লোকৰ মৃত্যুৰ ঘটনাক লৈ গভীৰ শোকপ্ৰকাশ কৰিছে।ৰাষ্ট্ৰপতি ডিনা বলুৱাৰ্টে কয় “ শান্তিৰ সময়ত সকলো পোৱাটো সম্ভৱ আৰু হিংসা আৰু হুলস্থূলত পৰিস্থিতি চম্ভলাটো এক গুৰুতৰ সমস্যা।”

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.