Investigative reporting with dedication.

খাদী-গ্ৰামোদ্যোগ ব’ৰ্ডৰ বিলুপ্তি ঘটাই ইয়াৰ শ শ বিঘা ভূমি বণিয়াক গটোৱাৰ ষড়যন্ত্ৰ ৰাজ্য চৰকাৰৰ।খাদী-গ্ৰামোদ্যোগ ব’ৰ্ডৰ বিলুপ্তি ঘটালে ৰাজ্য চৰকাৰে।খাদী-গ্ৰামোদ্যোগ ব’ৰ্ডৰ বিলুপ্তি ঘটাই ইয়াৰ শ শ বিঘা ভূমি বণিয়াক গটোৱাৰ ষড়যন্ত্ৰ ৰচনা কৰিয়েই ইতিমধ্যে বন্ধ কৰা হৈছে ব’ৰ্ডৰ দৰে এটা লাভজনক উদ্যোগ।বিগত দুমাহে দৰমহা পোৱা নাই ব’ৰ্ডৰ কৰ্মচাৰীয়ে।বিধানসভাত দাখিল কৰা বাজেটত পোহৰলৈ আহিছে এই উদ্বেগজনক তথ্য।ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰায় ১৫০০ বিঘা ভূমি আছে খাদী-গ্ৰামোদ্যোগ ব’ৰ্ডৰ অধীনত।নুনমাটিৰ ঘানী ইতিমধ্যে গতাই দিয়া হৈছে নাহাতা মালিকাধীন স্বস্তিকা এগ্ৰো ইণ্ডাষ্ট্ৰিজক।সংস্কাৰৰ নামত খাদী ব’ৰ্ডৰ বিলুপ্তি ঘটোৱাক লৈ ব’ৰ্ডৰ ভিতৰচ’ৰাত সৃষ্টি হৈছে তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টিৰ।




