খালী চকীৰ আগত ভাষণ নিদিয়ে,তাতকৈ শুবই !

Share This Article

হয়,নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া মধ্য প্ৰদেশত বিজেপি দলটো ভয়ংকৰ লটিঘটিৰ সন্মুখীন হৈছে । ২০ বছৰৰ শাসনৰ দিনবোৰ শাসক দল বিজেপিক পুনৰ লাগে যদিও নালাগে মধ্য প্ৰদেশৰ জনতাক । মধ্য প্ৰদেশৰ জনতাই বিগত ২০ বছৰত যি তিতাকেহাৰ সন্মুখীন হৈছে,তেনেকুৱা তিতাকেহাৰ সন্মুখীন আগতে কেতিয়াও হোৱাই নাছিল,সেয়ে তেওঁলোকে আৰু বিচৰা নাই বিজেপিক । বুধবাৰে ইন্দোৰৰ এক নিৰ্বাচনী সভাত খালী চকীৰ সন্মুখত ভাষণ দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ ।উল্লেখ্য যে তুলচী চিলাৱটৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ ইন্দোৰৰ সেই সভাত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী চৌহান ।তুলচী চিলাৱট কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ ঘনিষ্ঠ  । তদুপৰি তেওঁ জ্যোতিৰাদিত্য সিন্ধিয়াৰ লগত একেলগে কংগ্ৰেছ দল ত্যাগ কৰিছিল ।সমষ্টিৰ জনতাই চিলাৱটৰ সেই প্ৰতাৰণাক সহজভাৱে ল’ব পৰা নাই ৫ বছৰ পিছতো। আনহাতে,ৰাজ্যখনৰ ৮০ টা সমষ্টিৰ বিসম্বাদীক কোনো কাৰণতে পতিয়ন নিয়াব পৰা নাই গৃহমন্ত্ৰী অমিত শ্বাহ,দলটোৰ ৰাজ্যিক সভাপতি বি ডি শ্বাহ,নৰেন্দ্ৰ সিং টোমৰ আদি নেতাসকলে । ইতিমধ্যে মুখ্যমন্ত্ৰী শিৱৰাজ সিং মন্ত্ৰীসভাৰ এগৰাকী মন্ত্ৰী যশোধৰা ৰাজে সিন্ধিয়াই ৰাজ্যখনত বিজেপি দলৰ অৱস্থা দেখিয়েই চলিত নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা নকৰাৰ সিদ্ধান্ত লয় । আনকি বিজেপিৰ হৈ ক’তো নিৰ্বাচনী প্ৰচাৰ নচলায় বুলি উল্লেখ কৰি তেওঁ কয় ‘মই অসুস্থ । সেয়ে মই নিৰ্বাচনী প্ৰচাৰত অংশ নলওঁ। যদি মই নিৰ্বাচনী প্ৰচাৰ চলোৱাহেঁতেন তেন্তে মই নিজেই প্ৰতিন্দন্দ্বিতা আগবঢ়ালোঁহেতেন।’মধ্য প্ৰদেশত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সাহসেই গোটাৱ পৰা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। নিৰ্বাচনৰ দিন ঘোষণা হোৱা প্ৰায় তিনি সপ্তাহ হ’ল কিন্তু তথাপিও প্ৰধানমন্ত্ৰী মোডীয়ে ৰাজ্যখনৰ এখনো নিৰ্বাচনী সভাত অংশ লোৱা নাই । প্ৰধানমন্ত্ৰী মোডীয়ে নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছত একেলেথাৰিয়ে নোযোৱাটো এক ঐতিহাসিক ঘটনা হিচাপেই বিবেচিত হৈছে । মোডী ,অমিত শ্বাহৰ এই আচৰণৰ পৰা এটা কথা স্পষ্ট যে মধ্যপ্ৰদেশক লৈ আশাভংগ হৈছে বিজেপি নেতৃত্বৰ৷আনহাতে,কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়ায়ো নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পৰা যিমান পাৰে নিজকে বিৰত ৰাখিছে। ইপিনে উপায়হীন গৃহমন্ত্ৰী অমিত শ্বাহে বিজেপি কৰ্মীসকলক বিজেপি প্ৰাৰ্থীক ভোট নিদিলেও বহুজন সমাজবাদী পাৰ্টি,সমাজবাদী পাৰ্টি অথবা নিৰ্দলীয় প্ৰাৰ্থীক ভোট দি কংগ্ৰেছ প্ৰাৰ্থীক পৰাজিত কৰাৰ আহ্বান জনাইছে । উল্লেখ্য যে মধ্য প্ৰদেশৰ ২৩০ খন আসনৰ বাবে অহা ১৭ নবেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’ব ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.