সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

খালিস্তানী বিদ্ৰোহী কোন ?

পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ ঠিক পূৰ্বে আকৌ চৰ্চা হৈছে খালিস্তানৰ প্ৰসংগ ৷ এসময়ৰ আপৰ নেতা কুমাৰ বিশ্বাসে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে উত্থাপণ কৰিছে খালিস্তানী বিদ্ৰোহীৰ লগত সম্পৰ্ক ৰক্ষাৰ অভিযোগ ৷ কুমাৰ বিশ্বাসৰ মতে অৰবিন্দ কেজৰিৱালে স্বাধীন খালিস্তানৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হোৱাৰ ইচ্ছা ব্যক্ত কৰিছিল ৷কুমাৰ বিশ্বাসৰ এই অভিযোগ নস্যাৎ কৰি কেজৰিৱালে কৈ যে তেও বিশ্বৰ আটাইতকৈ মধুৰ সন্ত্ৰাসবাদী হ’ব যিয়ে স্কুল আৰু হাস্পতাল নিৰ্মানৰ কথা কয় ৷ এইদৰেই নিৰ্বাচনৰ আগে আগে আকৌ উত্থাপণ হৈছে খালিস্তানৰ প্ৰসংগ ৷ ইয়াৰ পূৰ্বে কৃষক আন্দোলনতো খালিস্তানী বিদ্ৰোহী জড়িত থকাৰ অভিযোগ অনা হৈছিল ৷ কিন্তু আপুনি জানেনে – এই খালিস্তানী বিদ্ৰোহ কি ? কেনেকৈ , কেতিয়া উত্থাপণ হৈছিল খালিস্তানৰ দাবী ?

খালিস্তান বিদ্ৰোহৰ ইতিহাস জনাৰ আগতে মনত পেলাই দিব বিচাৰিছো যে খালিস্তানী বিদ্ৰোহৰ সমৰ্থকেই দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী , পঞ্জাৱৰ পূৰ্বৰ মুখ্যমন্ত্ৰী বেয়ন্ত সিঙ আৰু প্ৰাক্তন আৰ্মি চীফ এছ এছ বৈদ্যক হত্যা কৰিছিল ৷ এসময়ত ভয়ানক ৰূপ লোৱা খালিস্তান বিদ্ৰোহৰ আৰম্ভণি হৈছিল ১৯২৯ চনত ৷ সেই বছৰতে কংগ্ৰেছৰ লাহোৰ অধিৱেশনত মতিলাল নেহৰুয়ে পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ উত্থাপণ কৰিছিল ৷ কিন্তু এই প্ৰস্তাৱৰ তিনিটা গোটে মূল বিৰোধিতা কৰিছিল ৷ প্ৰথম গোটটো আছিল আলী জিন্না নেতৃত্বাধীন মুছলিম লীগ ৷ দ্বিতীয় গোটটো আছিল আম্বেদকাৰৰ প্ৰভাৱ থকা দলিত গোট ৷ যিয়ে দলিতৰ বাবে অধিকাৰৰ দাবী উত্থাপণ কৰি আহিছিল ৷ পূৰ্ণ স্বৰাজৰ বিৰোধিতা কৰা তৃতীয় গোটটো আছিল তাৰা সিঙ নেতৃত্বাধীন শিৰোমণি আকালী দল ৷ তাৰা সিঙেই প্ৰথমবাৰৰ বাবে শিখসকলৰ বাবে পৃথক ৰাজ্যৰ দাবী উত্থাপণ কৰে ৷ ১৯৪৭ চনত এয়া এক আন্দোলনলৈ পৰিৱৰ্তন হয় ৷ দেশৰ স্বাধীনতাৰ সময়ত পঞ্জাৱ দুটা ভাগত বিভক্ত হয় ৷ শিৰোমণি আকালী দলে ভাৰতৰ ভিতৰতে ভাষাৰ আধাৰত শিখৰ বাবে এখন পৃথক ৰাজ্যৰ দাবী উত্থাপণ কৰে ৷ কিন্তু ৰাজ্য পুণৰ গঠন আয়োগে এই দাবী মানি ল’বলৈ অস্বীকাৰ কৰে ৷ তাৰ পাছত ১৯ বছৰ ধৰি পঞ্জাৱত আন্দোলন – প্ৰতিবাদ অব্যাহত ৰাখে ৷ এই সময়ছোৱাত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হয় ৷ ১৯৬৬ চনত এই আন্দোলন প্ৰশমিত কৰিবৰ বাবে ইন্দিৰা গান্ধীয়ে অবিভক্ত পঞ্জাৱক তিনিটা ভাগত ভাগ কৰাৰ সিদ্ধান্ত লয় ৷ শিখ প্ৰধান পঞ্জাৱ , হিন্দীভাষী হাৰিয়ানা আৰু আনটো অংশক চণ্ডীগড়ৰ ৰূপত গঠন কৰা হয় ৷ চণ্ডীগড়ক কেন্দ্ৰীয় শাসিত ৰাজ্যৰ মৰ্যদা দি আন দুখন ৰাজ্যৰ ৰাজধানী হিচাপে ঘোষণা কৰা হয় ৷ আনহাতে , পঞ্জাৱৰ কিছু পাৰ্বত্য অঞ্চলক হিমাচল প্ৰদেশৰ লগত একত্ৰিত কৰা হয় ৷ ইন্দিৰা গান্ধীৰ এই বৃহৎ সিদ্ধান্তক লৈ বহুসংখ্যক লোক একেবাৰে সন্তুষ্ট নাছিল ৷
পঞ্জাৱী আন্দোলনে আকালি দলক কেবাটাও লাভ আনি দিলে ৷ ১৯৬৭ আৰু ১৯৬৯ চনত দুবাৰকৈ শাসনলৈ আহিল আকালী দল ৷ কিন্তু ১৯৭২ত কংগ্ৰেছে দখল কৰে পঞ্জাৱৰ শাসনভাৰ ৷ এই ৰাজনৈতিক পতনে আকালি দলক দ্বিতীয়বাৰ চিন্তা কৰিবলৈ বাধ্য কৰিলে ৷ ১৯৭৩ চনৰ পৰা আকালি দলে নিজৰ ৰাজ্যৰ বাবে স্বায়ত্বশাসন আৰু অধিক ক্ষমতাৰ দাবী উত্থাপণ কৰিবলৈ আৰম্ভ কৰিলে ৷ স্বায়ত্বশাসন দাবীৰ এই আন্দোলন পৰিচিত হৈ পৰে আনন্দপুৰ চাহিব আন্দোলন হিচাপে ৷ আনন্দপুৰ চাহিব প্ৰস্তাৱত শিখসকলে পঞ্জাৱৰ বাবে পৃথক সংবিধানৰ দাবী উত্থাপণ কৰিলে ৷ ১৯৮০ চন পৰ্যন্ত এই দাবীয়ে ব্যাপক সহাৰি লাভ কৰিলে ৷ আনন্দপুৰ চাহিব আন্দোলনৰ এজন কঠোৰ সমৰ্থক আছিল জেনেৰেল সিঙ ভিণ্ডদ্ৰৱালে ৷ ১৯৮২ চনত তেও শিৰোমণি আকালি দলৰ লগত মিত্ৰতা স্থাপন কৰে আৰু অসহযোগ আন্দোলন আৰম্ভ কৰে ৷ এই অসহযোগ আন্দোলনেই পৰৱৰ্তী সময়ত সশস্ত্ৰ বিদ্ৰোহৰ ৰূপ লয় ৷ যিয়ে সশস্ত্ৰ বিদ্ৰোহৰ বিৰোধিতা কৰে তেওকেই হত্যা কৰিবলৈ আৰম্ভ কৰে ৷ এনেদৰেই সশস্ত্ৰ বিদ্ৰোহীয়ে পঞ্জাৱ কেশৰীৰ সম্পাদক লালা জগত নাৰায়নকো হত্যা কৰিছিল ৷ ইফালে , সেনা আৰু নিৰাপত্তাৰক্ষীৰ পৰা বাচিবলৈ জেনেৰেল সিঙ ভিণ্ডদ্ৰৱালে স্বৰ্ণ মন্দিৰত বাহৰ পাতিলে ৷ দুবছৰ ধৰি তেও মন্দিৰত বাহৰ পাতি থাকিল ৷ তাৰ পাছত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ভিণ্ডদ্ৰাৱালেক কৰায়ত্ত কৰিবলৈ নতুন অপাৰেশ্যন আৰম্ভ কৰিবৰ বাবে অনুমতি দিলে ৷ ইয়াৰ বাবে ২০০ নিৰাপত্তাৰক্ষীক প্ৰশিক্ষণ দিয়া হ’ল ৷ এই অভিযানৰ নাম দিয়া হ’ল অপাৰেশ্যন ব্লু ষ্টাৰ ৷ ১৯৮৪ চনৰ ১ ৰ পৰা ৩ জুন পৰ্যন্ত পঞ্জাৱৰ লগত সকলো স্থলপথ আৰু আকাশী পথৰ যোগাযোগ বন্ধ কৰি দিয়া হ’ল ৷ স্বৰ্ণ মন্দিৰত পানী আৰু বিজুলীৰ সংযোগ বিচ্ছিন্ন কৰি দিয়া হ’ল ৷ অমৃতচৰত বলবৎ কৰা হ’ল সান্ধ্য আইন ৷ ৫ জুনৰ পুৱাই আৰম্ভ হ’ল অপাৰেশ্যন ব্লু ষ্টাৰ ৷ নিৰাপত্তাৰক্ষী আৰু বিদ্ৰোহীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী চলিল ৷ সমান্তৰালভাৱে স্থানীয় গাওসমূহতো অভিযান চলিল ৷ তাৰ এদিন পাছত এখন টেংকাৰৰ সহায়ত বিদ্ৰোহীসকলক আক্ৰমণ কৰা হ’ল ৷ কিছু সময়ৰ ভিতৰত মৃত্যু হ’ল জেনেৰেল ভিণ্ডদ্ৰৱালেৰ ৷ ৭ জুন পৰ্যন্ত ভাৰতীয় সেনাই স্বৰ্ণ মন্দিৰ নিজৰ নিয়ন্ত্ৰনলৈ আনিলে ৷ ১০ জুনত অপাৰেশ্যন ব্লু ষ্টাৰৰ সামৰণি ঘোষণা কৰা হ’ল ৷ সমগ্ৰ অভিযানত ৮৩ জন জোৱান ছহিদ হ’ল আৰু ২৪৯ জন আহত হ’ল ৷ মৃত্যু হ’ল ৪৯৩ জন বিদ্ৰোহী আৰু অন্য নাগৰিকৰ ৷ কিন্তু শিখ সংগঠনসমূহৰ মতে এই অভিযানত ৩ হাজাৰ লোকৰ মৃত্যু হৈছিল ৷

- Donation -

নীৰিহ লোকৰ মৃত্যুৰ অভিযোগ তুলিয়েই সেই সময়ত কেপ্তেইন অমৰিন্দৰ সিঙসহ কংগ্ৰেছ নেতাসকলে কংগ্ৰেছ দল ত্যাগ কৰিছিল ৷ ইয়াৰ চাৰি মাহ পাছত ১৯৮৪ চনৰ ৩১ অক্টোবৰত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক খালিস্তানী বিদ্ৰোহৰ সমৰ্থক তেওৰ নিজৰ দেহৰক্ষীয়ে গুলীয়াই হত্যা কৰে ৷ তাৰ পৰৱৰ্তী সময়ত দেশৰ আৰম্ভ হোৱা শিখ বিৰোধী সংঘৰ্ষত প্ৰায় ৮ হাজাৰ শিখৰ মৃত্যু হয় ৷ এবছৰ পাছত ১৯৮৫ চনৰ ২৩ জুনত কানাডাত খালিস্তানী সমৰ্থকে এয়াৰ ইণ্ডিয়াৰ এখন বিমান বোমাৰে উৰুৱাই দিয়ে ৷১৯৮৪ চনৰ ১০ আগষ্টত অপাৰেশ্যন ব্লু ষ্টাৰৰ নেতৃত্ব দিয়া প্ৰাক্তন সেনা প্ৰধান জেনেৰেলগৰাকীকো হত্যা কৰা হ’ল ৷ ১৯৯৫ চনৰ ৩১ আগষ্টত আত্মঘাটী বোমাৰুৰ আক্ৰমণত পঞ্জাৱৰ মুখ্যমন্ত্ৰীগৰাকীৰো মৃত্যু হয় ৷
এইদৰে কেবাটাও দশক ধৰি পৰিস্থিতি অস্থিৰ হৈ থকাৰ পাছত এতিয়া খালিস্তানী বিদ্ৰোহৰ সমাপ্তি হোৱা বুলিয়েই ক’ব পাৰি ৷ নামমাত্ৰ সমৰ্থক বাদ দি এই বিদ্ৰোহৰ কোনো সমৰ্থক নাই ৷ কিন্তু নিৰ্বাচনৰ পূৰ্বে সদায়ে উত্থাপণ হয় খালিস্তানী বিদ্ৰোহৰ প্ৰসংগ ৷ এইবাৰো তাৰ ব্যতিক্ৰম নহ’ল ৷

Leave A Reply

Your email address will not be published.