খালিস্তানী বিদ্ৰোহী কোন ?

পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ ঠিক পূৰ্বে আকৌ চৰ্চা হৈছে খালিস্তানৰ প্ৰসংগ ৷ এসময়ৰ আপৰ নেতা কুমাৰ বিশ্বাসে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে উত্থাপণ কৰিছে খালিস্তানী বিদ্ৰোহীৰ লগত সম্পৰ্ক ৰক্ষাৰ অভিযোগ ৷ কুমাৰ বিশ্বাসৰ মতে অৰবিন্দ কেজৰিৱালে স্বাধীন খালিস্তানৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হোৱাৰ ইচ্ছা ব্যক্ত কৰিছিল ৷কুমাৰ বিশ্বাসৰ এই অভিযোগ নস্যাৎ কৰি কেজৰিৱালে কৈ যে তেও বিশ্বৰ আটাইতকৈ মধুৰ সন্ত্ৰাসবাদী হ’ব যিয়ে স্কুল আৰু হাস্পতাল নিৰ্মানৰ কথা কয় ৷ এইদৰেই নিৰ্বাচনৰ আগে আগে আকৌ উত্থাপণ হৈছে খালিস্তানৰ প্ৰসংগ ৷ ইয়াৰ পূৰ্বে কৃষক আন্দোলনতো খালিস্তানী বিদ্ৰোহী জড়িত থকাৰ অভিযোগ অনা হৈছিল ৷ কিন্তু আপুনি জানেনে – এই খালিস্তানী বিদ্ৰোহ কি ? কেনেকৈ , কেতিয়া উত্থাপণ হৈছিল খালিস্তানৰ দাবী ?

খালিস্তান বিদ্ৰোহৰ ইতিহাস জনাৰ আগতে মনত পেলাই দিব বিচাৰিছো যে খালিস্তানী বিদ্ৰোহৰ সমৰ্থকেই দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী , পঞ্জাৱৰ পূৰ্বৰ মুখ্যমন্ত্ৰী বেয়ন্ত সিঙ আৰু প্ৰাক্তন আৰ্মি চীফ এছ এছ বৈদ্যক হত্যা কৰিছিল ৷ এসময়ত ভয়ানক ৰূপ লোৱা খালিস্তান বিদ্ৰোহৰ আৰম্ভণি হৈছিল ১৯২৯ চনত ৷ সেই বছৰতে কংগ্ৰেছৰ লাহোৰ অধিৱেশনত মতিলাল নেহৰুয়ে পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ উত্থাপণ কৰিছিল ৷ কিন্তু এই প্ৰস্তাৱৰ তিনিটা গোটে মূল বিৰোধিতা কৰিছিল ৷ প্ৰথম গোটটো আছিল আলী জিন্না নেতৃত্বাধীন মুছলিম লীগ ৷ দ্বিতীয় গোটটো আছিল আম্বেদকাৰৰ প্ৰভাৱ থকা দলিত গোট ৷ যিয়ে দলিতৰ বাবে অধিকাৰৰ দাবী উত্থাপণ কৰি আহিছিল ৷ পূৰ্ণ স্বৰাজৰ বিৰোধিতা কৰা তৃতীয় গোটটো আছিল তাৰা সিঙ নেতৃত্বাধীন শিৰোমণি আকালী দল ৷ তাৰা সিঙেই প্ৰথমবাৰৰ বাবে শিখসকলৰ বাবে পৃথক ৰাজ্যৰ দাবী উত্থাপণ কৰে ৷ ১৯৪৭ চনত এয়া এক আন্দোলনলৈ পৰিৱৰ্তন হয় ৷ দেশৰ স্বাধীনতাৰ সময়ত পঞ্জাৱ দুটা ভাগত বিভক্ত হয় ৷ শিৰোমণি আকালী দলে ভাৰতৰ ভিতৰতে ভাষাৰ আধাৰত শিখৰ বাবে এখন পৃথক ৰাজ্যৰ দাবী উত্থাপণ কৰে ৷ কিন্তু ৰাজ্য পুণৰ গঠন আয়োগে এই দাবী মানি ল’বলৈ অস্বীকাৰ কৰে ৷ তাৰ পাছত ১৯ বছৰ ধৰি পঞ্জাৱত আন্দোলন – প্ৰতিবাদ অব্যাহত ৰাখে ৷ এই সময়ছোৱাত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হয় ৷ ১৯৬৬ চনত এই আন্দোলন প্ৰশমিত কৰিবৰ বাবে ইন্দিৰা গান্ধীয়ে অবিভক্ত পঞ্জাৱক তিনিটা ভাগত ভাগ কৰাৰ সিদ্ধান্ত লয় ৷ শিখ প্ৰধান পঞ্জাৱ , হিন্দীভাষী হাৰিয়ানা আৰু আনটো অংশক চণ্ডীগড়ৰ ৰূপত গঠন কৰা হয় ৷ চণ্ডীগড়ক কেন্দ্ৰীয় শাসিত ৰাজ্যৰ মৰ্যদা দি আন দুখন ৰাজ্যৰ ৰাজধানী হিচাপে ঘোষণা কৰা হয় ৷ আনহাতে , পঞ্জাৱৰ কিছু পাৰ্বত্য অঞ্চলক হিমাচল প্ৰদেশৰ লগত একত্ৰিত কৰা হয় ৷ ইন্দিৰা গান্ধীৰ এই বৃহৎ সিদ্ধান্তক লৈ বহুসংখ্যক লোক একেবাৰে সন্তুষ্ট নাছিল ৷
পঞ্জাৱী আন্দোলনে আকালি দলক কেবাটাও লাভ আনি দিলে ৷ ১৯৬৭ আৰু ১৯৬৯ চনত দুবাৰকৈ শাসনলৈ আহিল আকালী দল ৷ কিন্তু ১৯৭২ত কংগ্ৰেছে দখল কৰে পঞ্জাৱৰ শাসনভাৰ ৷ এই ৰাজনৈতিক পতনে আকালি দলক দ্বিতীয়বাৰ চিন্তা কৰিবলৈ বাধ্য কৰিলে ৷ ১৯৭৩ চনৰ পৰা আকালি দলে নিজৰ ৰাজ্যৰ বাবে স্বায়ত্বশাসন আৰু অধিক ক্ষমতাৰ দাবী উত্থাপণ কৰিবলৈ আৰম্ভ কৰিলে ৷ স্বায়ত্বশাসন দাবীৰ এই আন্দোলন পৰিচিত হৈ পৰে আনন্দপুৰ চাহিব আন্দোলন হিচাপে ৷ আনন্দপুৰ চাহিব প্ৰস্তাৱত শিখসকলে পঞ্জাৱৰ বাবে পৃথক সংবিধানৰ দাবী উত্থাপণ কৰিলে ৷ ১৯৮০ চন পৰ্যন্ত এই দাবীয়ে ব্যাপক সহাৰি লাভ কৰিলে ৷ আনন্দপুৰ চাহিব আন্দোলনৰ এজন কঠোৰ সমৰ্থক আছিল জেনেৰেল সিঙ ভিণ্ডদ্ৰৱালে ৷ ১৯৮২ চনত তেও শিৰোমণি আকালি দলৰ লগত মিত্ৰতা স্থাপন কৰে আৰু অসহযোগ আন্দোলন আৰম্ভ কৰে ৷ এই অসহযোগ আন্দোলনেই পৰৱৰ্তী সময়ত সশস্ত্ৰ বিদ্ৰোহৰ ৰূপ লয় ৷ যিয়ে সশস্ত্ৰ বিদ্ৰোহৰ বিৰোধিতা কৰে তেওকেই হত্যা কৰিবলৈ আৰম্ভ কৰে ৷ এনেদৰেই সশস্ত্ৰ বিদ্ৰোহীয়ে পঞ্জাৱ কেশৰীৰ সম্পাদক লালা জগত নাৰায়নকো হত্যা কৰিছিল ৷ ইফালে , সেনা আৰু নিৰাপত্তাৰক্ষীৰ পৰা বাচিবলৈ জেনেৰেল সিঙ ভিণ্ডদ্ৰৱালে স্বৰ্ণ মন্দিৰত বাহৰ পাতিলে ৷ দুবছৰ ধৰি তেও মন্দিৰত বাহৰ পাতি থাকিল ৷ তাৰ পাছত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ভিণ্ডদ্ৰাৱালেক কৰায়ত্ত কৰিবলৈ নতুন অপাৰেশ্যন আৰম্ভ কৰিবৰ বাবে অনুমতি দিলে ৷ ইয়াৰ বাবে ২০০ নিৰাপত্তাৰক্ষীক প্ৰশিক্ষণ দিয়া হ’ল ৷ এই অভিযানৰ নাম দিয়া হ’ল অপাৰেশ্যন ব্লু ষ্টাৰ ৷ ১৯৮৪ চনৰ ১ ৰ পৰা ৩ জুন পৰ্যন্ত পঞ্জাৱৰ লগত সকলো স্থলপথ আৰু আকাশী পথৰ যোগাযোগ বন্ধ কৰি দিয়া হ’ল ৷ স্বৰ্ণ মন্দিৰত পানী আৰু বিজুলীৰ সংযোগ বিচ্ছিন্ন কৰি দিয়া হ’ল ৷ অমৃতচৰত বলবৎ কৰা হ’ল সান্ধ্য আইন ৷ ৫ জুনৰ পুৱাই আৰম্ভ হ’ল অপাৰেশ্যন ব্লু ষ্টাৰ ৷ নিৰাপত্তাৰক্ষী আৰু বিদ্ৰোহীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী চলিল ৷ সমান্তৰালভাৱে স্থানীয় গাওসমূহতো অভিযান চলিল ৷ তাৰ এদিন পাছত এখন টেংকাৰৰ সহায়ত বিদ্ৰোহীসকলক আক্ৰমণ কৰা হ’ল ৷ কিছু সময়ৰ ভিতৰত মৃত্যু হ’ল জেনেৰেল ভিণ্ডদ্ৰৱালেৰ ৷ ৭ জুন পৰ্যন্ত ভাৰতীয় সেনাই স্বৰ্ণ মন্দিৰ নিজৰ নিয়ন্ত্ৰনলৈ আনিলে ৷ ১০ জুনত অপাৰেশ্যন ব্লু ষ্টাৰৰ সামৰণি ঘোষণা কৰা হ’ল ৷ সমগ্ৰ অভিযানত ৮৩ জন জোৱান ছহিদ হ’ল আৰু ২৪৯ জন আহত হ’ল ৷ মৃত্যু হ’ল ৪৯৩ জন বিদ্ৰোহী আৰু অন্য নাগৰিকৰ ৷ কিন্তু শিখ সংগঠনসমূহৰ মতে এই অভিযানত ৩ হাজাৰ লোকৰ মৃত্যু হৈছিল ৷

নীৰিহ লোকৰ মৃত্যুৰ অভিযোগ তুলিয়েই সেই সময়ত কেপ্তেইন অমৰিন্দৰ সিঙসহ কংগ্ৰেছ নেতাসকলে কংগ্ৰেছ দল ত্যাগ কৰিছিল ৷ ইয়াৰ চাৰি মাহ পাছত ১৯৮৪ চনৰ ৩১ অক্টোবৰত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক খালিস্তানী বিদ্ৰোহৰ সমৰ্থক তেওৰ নিজৰ দেহৰক্ষীয়ে গুলীয়াই হত্যা কৰে ৷ তাৰ পৰৱৰ্তী সময়ত দেশৰ আৰম্ভ হোৱা শিখ বিৰোধী সংঘৰ্ষত প্ৰায় ৮ হাজাৰ শিখৰ মৃত্যু হয় ৷ এবছৰ পাছত ১৯৮৫ চনৰ ২৩ জুনত কানাডাত খালিস্তানী সমৰ্থকে এয়াৰ ইণ্ডিয়াৰ এখন বিমান বোমাৰে উৰুৱাই দিয়ে ৷১৯৮৪ চনৰ ১০ আগষ্টত অপাৰেশ্যন ব্লু ষ্টাৰৰ নেতৃত্ব দিয়া প্ৰাক্তন সেনা প্ৰধান জেনেৰেলগৰাকীকো হত্যা কৰা হ’ল ৷ ১৯৯৫ চনৰ ৩১ আগষ্টত আত্মঘাটী বোমাৰুৰ আক্ৰমণত পঞ্জাৱৰ মুখ্যমন্ত্ৰীগৰাকীৰো মৃত্যু হয় ৷
এইদৰে কেবাটাও দশক ধৰি পৰিস্থিতি অস্থিৰ হৈ থকাৰ পাছত এতিয়া খালিস্তানী বিদ্ৰোহৰ সমাপ্তি হোৱা বুলিয়েই ক’ব পাৰি ৷ নামমাত্ৰ সমৰ্থক বাদ দি এই বিদ্ৰোহৰ কোনো সমৰ্থক নাই ৷ কিন্তু নিৰ্বাচনৰ পূৰ্বে সদায়ে উত্থাপণ হয় খালিস্তানী বিদ্ৰোহৰ প্ৰসংগ ৷ এইবাৰো তাৰ ব্যতিক্ৰম নহ’ল ৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296