কৰ্ণাটকত ৰণডংকা

Share This Article

বহু প্ৰতীক্ষিত কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা হ’ল বুধবাৰে।অহা ১০ মে’ত অনুষ্ঠিত হ’ব নিৰ্বাচন।ফলাফল ঘোষণা হ’ব অহা ১৩মে’ত৷বুধবাৰে এই কথা ঘোষণা কৰে নিৰ্বাচন আয়োগে।কৰ্ণাটক বিধানসভাৰ ২২৪ খন আসনৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হ’ব।ইয়াৰে ১১৯ খন আসন আছে বিজেপিৰ দখলত।কংগ্ৰেছ দলৰ অধীনত আছে ৭৫ খন আৰু জনতা দল (এছ)ৰ অধীনত আছে ২৮ খন আসন ।ৰাজ্যখনত মুঠ ভোটাৰ আছে ৫.২১কোটি।১০০ বছৰ ওপৰৰ ভোটাৰৰ সংখ্যা ১৬,৯৭৬ জন।মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কয় ‘ কৰ্ণাটকত মুঠ ২২৪ খন বিধানসভা আসন আছে ।ইয়াৰে ৩৬ টা অনুসূচিত জাতি আৰু ১৫ টা অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত৷মুঠ ভোটাৰ ৫,২১,৭৩,৫৭৯ জন।ইয়াৰে পুৰুষ ভোটাৰ ২.৬২ কোটি আৰু মহিলা ভোটাৰ আছে ২.৫৯ কোটি।বিশেষভাৱে সক্ষম ভোটাৰ আছে ৫.৫৫ লাখ।”মুখ্য নিৰ্বাচনী আয়ুক্ত গৰাকীয়ে কয় ‘২০১৮-১৯ চনৰ তুলনাত ৯.১৭ লাখ বৃদ্ধি পাইছে প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া ভোটৰ সংখ্যা।১ এপ্ৰিলত যিসকলৰ বয়স ১৮ বছৰ সম্পূৰ্ণ হ’ব তেওঁলোকেও দিব পাৰিব ভোট।’একেখন সংবাদমেলতে আয়ুক্তগৰাকীয়ে কয় ‘ কৰ্ণাটকত মুঠ ৫৮,২৮২ টা ভোট কেন্দ্ৰ স্থাপন কৰা হ’ব৷ইয়াৰে ২০,৮৬৬ টা নগৰাঞ্চলত স্থাপন কৰা হ’ব।প্ৰতিটো ভোটকেন্দ্ৰত ন্যুনতম ৮৮৩ জন ভোটাৰ থাকিব।’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.