কৰ্ণাটকত ‘ভাল দিন’ আহিব কংগ্ৰেছৰ?

Share This Article

ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰাই কংগ্ৰেছৰ ভাগ্যলৈ কিছু পৰিবৰ্তন আনিছে ।জনতা দল ( এছ) ৰ নেতা এইছ ডি কুমাৰস্বামীয়ে শীঘ্ৰেই যোগ দিব কংগ্ৰেছত।বৃহস্পতিবাৰে নিজেই তেওঁৰ এই সিন্ধান্তৰ বিষয়ে জনায়।প্ৰাক্তন মুখ্যমন্ত্ৰী কুমাৰস্বামীয়ে কয়’জনতা দল (এছ) বৰ্তমান আইচিইউত বুলি সকলোৱে কয়।দলটোৰ শক্তি হ্ৰাস পাইছে।খুব কষ্ট কৰিলে দলটোৱে ১০ ৰ পৰা ১৫ খন আসনত জয় লাভ কৰাৰ সম্ভাৱনা আছে।গৰিষ্ঠসংখ্যক নেতাই দলটো এৰিবলৈ সাজু।কিছুসংখ্যক নেতাই আজিৰ পৰা দুবছৰ আগতেই দুয়োখন ভৰিয়েই দলটোৰ বাহিৰত ৰাখিছে।আৰু আন কেইবাজনেও দলটো এৰিব।’কুমাৰস্বামীয়ে লগতে কয় ২০ মাৰ্চৰ পৰা ৩০ মাৰ্চৰ ভিতৰত কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিব।আনহাতে,জনতা দল (এছ)ৰ নেতা শিৱলিঙ্গ গৌড়াই শুকুৰবাৰে হাছানত সাংবাদিকক কয় যে তেওঁ খুব সোনকালেই কংগ্ৰেছত যোগদান কৰিব।তেওঁ কয় ‘ মই আগতেই কৈছিলোঁ যে মই মোৰ সমষ্টিৰ নেতা আৰু কৰ্মীৰ কথা শুনিম।যোৱা ৰাতি তিনি হাজাৰ লোকে মোক সাক্ষাৎ কৰি সমষ্টিৰ উন্নয়নৰ বাবে কংগ্ৰেছত যোগদান কৰা উচিত বুলি জনাইছে।কংগ্ৰেছ বিকল্প হয় কিন্তু বিজেপি বিকল্প নহয়।’অৱশ্যে বিধায়ক গৌড়াই তেওঁৰ কাৰ্যকাল শেষ নোহোৱা পৰ্যন্ত দল নেৰে বুলি স্পষ্ট কৰি কয় ‘ মোৰ এই কাৰ্যকাল শেষ হোৱাৰ পিছতেই মই কংগ্ৰেছত যোগদান কৰিম।এই মত আমাৰ দলৰ প্ৰায়সংখ্যক নেতাৰে৷কংগ্ৰেছ নেতৃত্বই মোৰ যোগদানৰ তাৰিখ আৰু সময় নিৰ্ধাৰণ কৰিব।’দলটোৰ আন এগৰাকী বিধায়ক এ টি ৰামস্বামীয়ে কয় যে তেওঁ আগন্তুক নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা কৰাটো নিশ্চিত যদিও এতিয়ালৈকে কোন দলৰ পৰা প্ৰতিন্দন্দ্বিতা কৰিব নিশ্চিত কৰা নাই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.